ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় প্ৰতিযোগিতাত বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী ৰাইছুমী বড়োৰ বিশেষ সফলতা অৰ্জনে শিক্ষানুষ্ঠানখনৰ লগতে বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিলে।
যোৱা ৩ আৰু ৪ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় প্ৰতিযোগিতাত ক্ৰমে মহিলাৰ ৱেইট লিফ্টিঙত সোণৰ পদক আৰু পাৱাৰ লিফ্টিঙত ৰূপৰ পদক অৰ্জন কৰি মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে। তদুপৰি উক্ত প্ৰতিযোগিতাৰ মহিলা শাখাৰ শ্ৰেষ্ঠ লিফ্টাৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে প্ৰতিযোগী গৰাকী। ৰাইছুমী বড়োৰ এই বিশেষ সাফল্যত উৎফুল্লিত মহাবিদ্যালয়খনৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ লগতে সমূহ বোকাখাতবাসীয়ে ছাত্ৰী গৰাকীলৈ অভিনন্দন জ্ঞাপন কৰিছে।












