
বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪ বাজি ২০ মিনিটত ডিফু ৰেলষ্টেচনৰ সমীপৰ বাঘমাৰৰ কাষত উজনিমুৱা বিবেক এক্সপ্ৰেছ ৰেলগাড়ীৰ সৈতে এখন ট্ৰেক্টৰৰ মুখামুখী সংঘৰ্ষ হয় ৷ সংঘৰ্ষত ট্ৰেক্টৰ খনৰ যথেষ্ট ক্ষতি সাধন হোৱাৰ লগতে ৰেলগাড়ীখনৰ ইঞ্জিন খনৰো ক্ষতি সাধন হয় ফলত ৰেলখন প্ৰায় তিনিঘণ্টা সময় ডিফু ৰেলষ্টেছত যাত্ৰী সহ আৱদ্ধ হৈ পৰিবলগীয়া হয় ৷ ফলত প্ৰখৰ গৰমত যাত্ৰীৰ বিলৈ হয় ৷

ৰেলখনৰ পাইলট জনে জানিবলৈ দিয়া অনুসৰি ৰেলখন ডিফু ৰেল ষ্টেছন পোৱাৰ প্ৰায় তিনি কিলোমিটাৰ মান থকা অৱস্থাত এখন ট্ৰেক্টৰে ৰেলপথৰ ওপৰতে টাৰ্ণ লোৱাৰ সময়তে উক্ত দুৰ্ঘটনা ৷ ট্ৰেক্টৰখনত চালকসহ তিনিজন লোক আছিল যদিও তিনিওজন পলাই যায় বুলি কয় ৷ বৰ্তমান ৰেলখনৰ বিকল্প ইঞ্জিনৰ বাবে আবেদন কৰা হৈছে বিকল্প ইঞ্জিন আহিলেই ৰেলখন পুণৰ গন্তব্য স্থানলৈ গতি কৰিব বুলি জানিব পৰা গৈছে ৷













