
শুকুৰবাৰে ঘোষণা কৰা হয় ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (71st National Film Award)। ঘোষিত ফলাফল অনুসৰি, এইবাৰ শ্ৰেষ্ঠ হিন্দী ছবিৰ বঁটা লাভ কৰে ‘কাঠাল’ নামৰ ছবিখনে।

আনহাতে, শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে যুটীয়াভাৱে শ্বাহৰুখ খান আৰু বিক্ৰান্ত মেছিয়ে। শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে ৰাণী মুখাৰ্জীয়ে।
ইফালে শ্ৰেষ্ঠ অসমীয়া ছবি হিচাপে বিবেচিত হয় ‘ৰঙাটাপু- ১৯৮২’।
ছবিখনৰ পৰিচালক হৈছে আদিত্যম শইকীয়া। আনহাতে, শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটা লাভ কৰে উৎপল দত্তই। ইফালে শ্ৰেষ্ঠ টাই-ফাকে ছবি হিচাপে বিবেচিত হয় ‘পাই-টাংগ- ষ্টেপ অব হ’প’। ছবিখনৰ প্ৰযোজক নৱ কুমাৰ ভূঞা আৰু পৰিচালক প্ৰবাল খাউণ্ড।













