ASSAM TIMES POST
বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰৰ পৰা অজন্তা তালুকদাৰঃ
এশিঙীয়া গঁড়, বাঘ, বহু প্ৰজাতিৰ বিশ্বৰ দূৰ দূৰণিৰ পৰা অহা বহু পৰিভ্ৰমী পক্ষীকে ধৰি বহু দুষ্প্ৰাপ্য বন্য জীৱ আৰু গভীৰ সেউজ অৰণ্য সমৃদ্ধ কাজিৰঙাৰ পৰিচয়ে অসমক বিশ্ব দৰবাৰত তুলি ধৰিছে। সেয়ে এই গৌৰৱক প্ৰতীকী ৰূপত তুলি ধৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনথলীৰ নামকৰণ কৰা হৈছিল বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰ। কেৱল নামকৰণেই নহয়, অধিবেশনথলীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক জীৱন্ত চানেকি প্ৰস্তুত কৰি ইয়ালৈ অহা লক্ষ লক্ষ ভকত বৈষ্ণৱ আৰু সংস্কৃতিপ্ৰেমী ৰাইজক আহ্লাদিত কৰিলে হাতী মাৰি ভুৰুকাত ভৰুৱা কাজিৰঙাৰ অনন্য চানেকিয়ে।

চানেকিত তুলি ধৰা হ’ল এশিঙীয়া গঁড় সংৰক্ষণৰ এক সুন্দৰ প্ৰচেষ্টা, লগতে প্ৰকৃত কাজিৰঙা অভয়াৰণ্যত স্বাভাৱিক, প্ৰাকৃতিক পৰিৱেশত বনত বিচৰণ কৰি তৃণ ভক্ষণ কৰি থকা কৃত্ৰিমভাৱে তৈয়াৰ কৰা অথচ অতি স্বাভাৱিক ৰূপৰ গঁড়, হৰিণ, হাতীকে ধৰি বন্য জীৱ, বন-জোপোহা, সেউজ অৰণ্য আৰু পৰ্যটক ইত্যাদি। এয়া যেন এখন অনন্য আৰু উপমা বিহীন কাজিৰঙা!

লগতে ফুটি উঠিছে কাজিৰঙাৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত থকা বনৰক্ষী কৰ্মী সকলৰ কষ্ট আৰু ত্যাগৰ এখন স্পৰ্শকাতৰ ছবি। শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ উদযাপন সমিতি গঠন হোৱাৰ পাছতেই সমিতিৰ তৰফৰ পৰা কাজিৰঙা বন সংমণ্ডল প্ৰাধিকাৰী আৰু কাজিৰঙাৰ সঞ্চালকলৈ জনোৱা অনুৰোধ মৰ্মে এই চানেকি স্থাপনৰ সকলো পৰিকল্পনা আৰম্ভ হৈছিল বুলি কাজিৰঙা বন সংমণ্ডলৰ এগৰাকী কৰ্মচাৰী মুনীন্দ্ৰ নাথ বৰদলৈৰ পৰা জানিব পৰা গৈছে। উল্লেখ্য যে কাজিৰঙা বন সংমণ্ডলৰ এগৰাকী নিষ্ঠাবান কৰ্মচাৰী বৰদলৈ বিগত আৰু সাম্প্ৰতিক সময়ত বোকাখাতৰ বহু চৰকাৰী-বেচৰকাৰী অনুষ্ঠানৰ শৈল্পিক, ব্যতিক্ৰম আৰু সফল মঞ্চসজ্জা, পৰিৱেশ সজ্জা তথা এনে বহু প্ৰাকৃতিক প্ৰদৰ্শনীৰো মূল পৰিকল্পক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুন্দৰ চানেকি নিৰ্মাণৰ আঁৰতো আছে মুনীন্দ্ৰ নাথ বৰদলৈৰ শক্তিশালী, শৈল্পিক আৰু সফল পৰিকল্পনা তথা প্ৰত্যক্ষ সহযোগিতা।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই চানেকিত ৰৈ গৈছে অধিবেশনলৈ অহা লক্ষ লক্ষ ভকত-অতিথিৰ দৃষ্টি। দৰ্শকৰ যথেষ্ট ভীৰ হোৱা পৰিলক্ষিত হৈছে কাজিৰঙাৰ চানেকি ক্ষেত্ৰত। পৰ্যটকক কাজিৰঙাৰ গভীৰ বনাঞ্চল পৰিদৰ্শন কৰোৱা জীপৰ চানেকি নিৰ্মাণৰ জড়িয়তে পৰ্যটন উদ্যোগৰ এখন স্পষ্ট ছবিও ধাৰণ কৰিছে চানেকিয়ে। লগতে এই সেউজ বিনন্দীয়া ক্ষুদ্ৰ কাজিৰঙাৰ বুকুতে বিচাৰি পাইছে দৰ্শকে প্ৰকৃত কাজিৰঙাৰ বিশাল সেউজ ভূমিৰ মূৰ্ত আৱাহন, বিচাৰি পাইছে মানুহ আৰু প্ৰকৃতিৰ এক আদিম আলিংগন!













