
বুধবাৰে দিনৰ প্ৰায় ৩ মান বজাত নিৰ্মাণ কৰা আইএছবিটি আজিৰ পৰা কাৰ্যক্ষম হৈ পৰিছে ৷ ডিফু-মানজা পথৰ চুতীয়ানলাত নিৰ্মাণ কৰা আইএছবিটিৰ নিৰ্মাণ বহু পূৰ্বেই সম্পূৰ্ণ হৈছিল যদিও আনুষ্ঠানিক ভাবে কাৰ্যক্ষম হোৱা নাছিল৷

আজি কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদৰ পৰিবহন বিভাগৰ এখন ৮৯ লাখ টকীয়া আৰু এখন ৭৩ লাখ টকীয়া বাৰ্তানকুল বাছ আনুষ্ঠানিক ভাবে ডিফু-গুৱাহাটীৰ মাজত চলাৰ বাবে মুকলি কৰে ৷ আইএছবিটিৰ ভিতৰত বাছ কাউন্টাৰ, কেন্টিন আৰু আন আন দোকান সমূহৰ দুৱাৰ ফিটা কাটি তেওঁ মুকলি কৰে ৰংহাঙে৷
ডিফু-চুতীয়ানলাৰ আইএছবিটিৰ মাজত যাত্ৰী সকলৰ সুবিধাৰ বাবে চিটি বাছ চলোৱা হ’ব ৷
কাৰণ ডিফু নগৰৰ পৰা আইএছবিটিৰ দূৰত্ব ৭ কিলোমিটাৰ৷ আজিৰ পৰা পৰিষদৰ বাছ আৰু ব্যক্তিগত বাছ সমূহ ডিফু নগৰত প্ৰৱেশ কৰিব নোৱাৰিব ৷













