
শেহতীয়াকৈ ওড়িশাত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। কোৰাপুট জিলাৰ দুধুমা জলপ্ৰপাতত ৰিলৰ শ্বুটিং কৰি থকা অৱস্থাত সন্ধানহীন হয় এজন জনপ্ৰিয় ইউটিউবাৰ। জানিব পৰা মতে, নিৰুদ্দেশ হোৱা ব্যক্তিজনৰ নাম সাগৰ টুডু (Sagar Tudu)।

বয়স প্ৰায় ২২ বছৰ। তেওঁ গঞ্জাম জিলাৰ বেৰহামপুৰৰ বাসিন্দা। সাগৰে নিজৰ ইউটিউব চেনেলৰ বাবে বিভিন্ন পৰ্যটন স্থানলৈ গৈ ভিডিঅ’ ৰেকৰ্ডিং কৰে। সেইদিনাও তেওঁৰ এজন বন্ধু অভিজিৎ বেহেৰাৰ সৈতে কোৰাপুত ভ্ৰমণলৈ গৈছিল।
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, দুপৰীয়াৰ ভাগত সংঘটিত হয় এই দুৰ্ঘটনা। ইউটিউবাৰ সাগৰে ড্ৰ’ন কেমেৰাৰ জৰিয়তে ভিডিঅ’ ৰেকৰ্ডিং কৰি আছিল। শিল এটাৰ ওপৰত থিয় হৈ আছিল তেওঁ। হঠাৎ মাচাকুণ্ডা বান্ধ কৰ্তৃপক্ষই সতৰ্কতামূলক ব্যৱস্থা হিচাপে নিম্নভূমি অঞ্চলত বাস কৰা ৰাইজক অৱগত কৰে যে ধাৰাসাৰ বৰষুণৰ ফলত বান্ধৰ পৰা পানী এৰি দিয়া হৈছে।
হঠাৎ পানীৰ সোঁত বৃদ্ধি হোৱাৰ বাবে সাগৰ শিলৰ ওপৰত আবদ্ধ হৈ পৰে আৰু ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰাত পানীৰ সোঁতে উটুৱাই লৈ যায়। ঘটনাস্থলীত উপস্থিত একাংশ পৰ্যটক আৰু স্থানীয় বাসিন্দাই তেওঁক উদ্ধাৰৰ চেষ্টা চলায়। কিন্তু অৱশেষত তেওঁলোক বিফল হয়।
এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে মচাকুণ্ডা থানাৰ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ক্ষীপ্ৰতাৰে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। অৱশ্যে দীৰ্ঘসময় ধৰি অনুসন্ধান চলোৱাৰ পিছতো তেওঁক এতিয়াও পোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
এই ভয়াৱহ ঘটনাৰ পূৰ্বে ওড়িশাত সংঘটিত হৈছে আন এক মৰ্মান্তিক দুৰ্ঘটনা। চম্বলপুৰ জিলাৰ জুজুমুৰা অঞ্চলৰ দেওঝৰাণ জলপ্ৰপাতত সংঘটিত হৈছে এই ঘটনা।
খবৰ অনুসৰি, ভি এছ এছ ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স এণ্ড ৰিছাৰ্চৰ (ভিমছাৰ) এম বি বি এছৰ চূড়ান্ত বৰ্ষৰ ছয় ছাত্ৰ-ছাত্ৰী তালৈ ভ্ৰমণলৈ গৈছিল। তাতে দুগৰাকী ছাত্ৰী পানীত উটি যায়। আৰক্ষীয়ে নিহত ছাত্ৰ-ছাত্ৰী দুগৰাকীক ৰাজস্থানৰ পৰা অহা মণিকা মীনা আৰু দিল্লীৰ পৰা অহা সন্দীপ পুৰী বুলি চিনাক্ত কৰিছে।
স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, চৰকাৰী নিষেধাজ্ঞাৰ মাজতো তেওঁলোকে জলপ্ৰপাতটোৰ ওপৰলৈ উঠি আনকি গা ধুবলৈও নামি গৈছিল। গা ধুই থাকোঁতে হঠাতে দুয়ো পিছলি গভীৰ পানীত পৰি যায়। তেওঁলোকৰ সতীৰ্থসকলে জনোৱা মতে, দুয়োৱেই সাঁতুৰিব নাজানে। সেই সময়ত মণিকাই মূৰত গুৰুতৰভাৱে আঘাত পায় আৰু দুয়োকে সোঁতে উটুৱাই লৈ যায়।
স্থানীয় পৰ্যটক আৰু তেওঁলোকৰ সহপাঠী ছাত্ৰ-ছাত্ৰীয়ে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক ততাতৈয়াকৈ খবৰ কৰে। এই তথ্য লাভ কৰাৰ লগে লগে উদ্ধাৰকাৰী দল উক্ত স্থানত উপস্থিত হয় আৰু বহু চেষ্টাৰ অন্তত মৃতদেহ দুটা উদ্ধাৰ কৰে।










