
নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং জিলাৰ অসম -নাগালেণ্ড সীমান্তত আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলোৱাৰ সময়তে মঙলবাৰে নিশা প্ৰায় ১১ বজাত বোকাজান মহকুমাৰ ডিলাইৰ ৬ মাইলত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে লাভ কৰে বৃহৎ সফলতা ৷ আৰক্ষীৰ সূত্ৰে লাভ কৰা তথ্য অনুসৰি যোৱা নিশা ডিলাইৰ ৬ মাইলত নিয়মীয়া নাকা তালাচী কালত উদ্ধাৰ হয় এই বৃহৎ পৰিমানৰ ড্ৰাগছ ৷

তালাচী কালত AS 02 DC 6129 পঞ্জীয়ন নম্বৰৰ ট্ৰাকত চালকৰ পাছফালে থকা কেবিনৰ পৰা ১০ কেজি ৭১২ গ্ৰাম ম’ৰফিন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ঘটনা সন্দৰ্ভত এছ আই মিণ্টু শইকীয়াই আৰক্ষীৰ উচ্চ পদস্থ বিষয়াক খবৰ দিয়াত ঘটনা স্থলীত বোকাজান মহকুমা আৰক্ষী বিষয়া, চিআৰপিএফ আৰু ডিলাই অচি উপস্থিত হয় ৷
শীৰ্ষ আৰক্ষী বিষয়া আৰু নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতে মৰফিন খিনি জব্দ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ মৰফিনখিনি সৰবৰাহৰ লগত জড়িত হোজাই জিলাৰ লংকা নখুটিৰ নিজাম আলীৰ পুত্ৰ আলী আহমেদ আৰু কৰিমগঞ্জৰ গালাচান্দৰ তামিজুৰ আলিৰ পুত্ৰ মহম্মদ আজাদক আটক কৰি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷













