
অল আছাম বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেছনৰ সভাপতি দিপক দে’ৰ এটি মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কেএছএই৷ হাওৰাঘাটত বেঙ্গলী নেতা গৰাকীয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যক উঠাবও পাৰে নমাবও পাৰে বুলি কৰিছিল বিতৰ্কিত মন্তব্য ৷

দীপক দে’ৰ এই মন্তব্যৰ বিৰোধিতা কৰি ষষ্ঠ অনুসূচী এলেকাত অজনজাতি দীপক দে’ এনে মন্তব্য কৰাৰ সাহস ক’ত পালে বুলি প্ৰশ্ন কৰে কেএছএ নেতা জৰ্জ তিমুঙে ৷ কাৰ্বি ভূমিত অজনজাতি লোকক ভূমি পট্টা প্ৰদান কৰাকলৈ বুধবাৰে ডিফুৰ ৰাজহ চক্ৰ কাৰ্যালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে কাৰ্বি ছাত্ৰ সন্থা চমুকৈ কেএছএৰ ৫ শতাধিক প্ৰতিবাদকাৰীয়ে ৷
প্ৰতিবাদকাৰী সকলে হাতে হাতে হাতে প্লে’ কাৰ্ড বেনাৰ ফেষ্টুন আদি লৈ বিভিন্ন শ্লগান দি আকাশ-বতাহ কপাই তোলে ৷
প্ৰতিবাদকাৰী সকলে অজনজাতিক ভূমি পট্টা দিয়া বন্ধ কৰক, ছিক্সথ ছ্যেডুল জিন্দাবাদ, কেএছএ লং লীভ, ন’ অট’নমাছ ষ্টেট ন’ ৰেষ্ট, ভূমি আৰু ৰাজহ বিভাগ ডাউন ডাউন আদি শ্লগান দিয়ে ৷ প্ৰতিবাদকাৰীসকলক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ নিদিয়াকলৈ প্ৰতিবাদকাৰী সকলে পৰিৱেশ উত্তপ্ত কৰি তোলে ৷
পাছত ডিফু চক্ৰ বিষয়াৰ জৰিয়তে ৫ দফীয়া দাবীলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ দাবী সমূহৰ ভিতৰত শীঘ্ৰে অজনজাতি লোকক মাটিৰ পট্টা বন্ধ কৰা ৷ ইতিমধ্যে অজনজাতি লোকক প্ৰদান কৰা ভূমি পট্টা সমূহ বাতিল কৰা, অজনজাতিক ভূমি পট্টা প্ৰদান কৰা ৰাজহ ভূমি আৰু ৰাজহ বিভাগৰ বিষয়াক তদন্ত ক্ৰমে পদৰ পৰা বৰ্খাস্ত কৰা, স্বায়ত্তৰাজ্য আৰু ভূমি পট্টাক ৰাজনীতি কৰা বন্ধ কৰা আদি ৷












