ASSAM TIMES POST
অজন্তা তালুকদাৰঃ বোকাখাতৰ কমাৰগাঁও মহুৰা পথাৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশনৰ ধৰ্মীয় ভাৱাবেগ চলি থকা অৱস্থাত এচাম অসৎ লোকৰ চুৰি কাৰ্যৰ বলি হব লগা হ’ল এটি পৰিয়াল।
বোকাখাত থানাৰ অন্তৰ্গত লখৌজানৰ প্ৰকাশ চেতিয়া নামৰ হোমিও চিকিৎসক জন পৰিয়াল সহ অধিবেশনলৈ বুলি সন্ধিয়া ৭ মান বজাত ওলাই যায়। প্ৰায় ১০ মান বজাত ঘৰলৈ উভতি আহি তেখেতে পিছফালৰ দুৱাৰখনৰ তলা ভঙা অৱস্থাত প্ৰত্যক্ষ কৰে ।
চোৰে ভিতৰৰ তিনিটা আলমিৰা ভাঙি সোনৰ আ অলংকাৰৰ লগতে নগদ প্ৰায় ত্ৰিশ হাজাৰ টকা, দুটা লেপটপ, আৰু কাঁহৰ বাতি কাঁহী লৈ উধাও হয়।
চেতিয়াই জনোৱা মতে প্ৰায় আঢ়ৈ লাখ টকাৰ সামগ্ৰীৰ চুৰি হৈছে। বোকাখাতৰ আৰক্ষী আহি নিশায়েই প্ৰাথমিক তদন্ত আৰম্ভ কৰে যদিও চোৰৰ কোনো শুংসুত্ৰ উলিয়াবলৈ সক্ষম নহ’ল।












