ASSAM TIMES POST
গুৱাহাটী : অসমীয়া মাধ্যমত পাঠদান কৰা অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান সমূহৰ ভিতৰত শীৰ্ষস্থানত থকা শংকৰদেৱ শিশু -বিদ্যা নিকেতনৰ সংখ্যা তেওঁলোকৰ সফলতাৰ বাবে বছৰি বাঢ়ি গৈ থকা পৰিলক্ষিত হৈছে। বিদ্যা ভাৰতী, অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি , অসমৰ দ্বাৰা পৰিচালিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সংখ্যা চলিত ২০২০ বৰ্ষত ৫৫৬ খনলৈ বৃদ্ধি পাইছে ।
ইয়াৰে ১১০খন নিকেতন জনজাতি অঞ্চলত অৱস্থিত। পৰিচালনাৰ সুবিধাৰ্থে অসমৰ শৈক্ষিক ক্ষেত্ৰখনক শিশু শিক্ষা সমিতি, অসমে আঠটা বিভাগ অাৰু ৫৩ সংকুলত ভাগ কৰিছে। চলিত বৰ্ষত শংকৰদেৱ শিশু – বিদ্যা নিকেতনত অধ্যয়নৰত ছাত্ৰ- ছাত্ৰীৰ সংখ্যা ১৬৬০১১ গৰাকী। ৮৮৪৭ গৰাকী আচাৰ্য – অাচাৰ্যাই নিকেতনত নিষ্ঠাৰে সেৱা মনোবৃত্তিৰে শিক্ষা দান কৰি আছে। যোৱা ২০১৯ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত লক্ষীমপুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰী মেঘাশ্ৰী বৰাই শীৰ্ষস্থান দখল কৰি শিশু শিক্ষা সমিতিলৈ সুনাম কঢ়িয়াই আনিছিল।
সেইদৰে তিনি বছৰমানৰ আগতে বেঁতকুচি শংকৰদেৱ নিকেতনৰ ছাত্ৰ ছাৰফাৰুছ হোছেইনেও শীৰ্ষস্থান দখল কৰিছিল। অসমীয়া ভাষা -সংস্কৃতি আৰু অসমৰ অান জনগোষ্ঠীয় ভাষা- সংস্কৃতিৰ সুৰক্ষাৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰা শিশু শিক্ষা সমিতি, অসম এতিয়া অসমৰ অন্যতম জাতীয় সংগঠন ৰূপে পৰিগণিত হবলৈ ধৰিছে । শিক্ষাৰ অনুকুল পৰিবেশ গঢ়ি তুলিবলৈ শিশু শিক্ষা সমিতিৰ সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰ, সভাপতি নিৰ্মল বৰুৱা আৰু সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীৰ বলিষ্ঠ নেতৃত্বত আজিৰে পৰা সমিতিৰ অাঠটা বিভাগৰ গুৱাহাটী, নলবাৰীকে আদি কৰি ৰাজ্যৰ ৯১টা স্থানত বিদ্যা ভাৰতীৰ অাধাৰভূত বিষয় – শাৰীৰিক, যোগ, সংগীত, সংস্কৃত, নৈতিক-আধ্যাত্মিক আৰু কেন্দ্ৰীয় অাৰু অন্য বিশেষ বিষয় – স্পকেন ইংলিছ , শিশু বাটিকা, বৈদিক গণিত, বালিকা শিক্ষা, খেল, গ্ৰামীণ শিক্ষা, সংস্কাৰ কেন্দ্ৰ, বিজ্ঞান, জনজাতি শিক্ষা আদিৰ দুদিনীয়া কৰ্মশালা অায়োজন কৰিছে। শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত অসমীয়া মাধ্যমৰ ৫৫৬ খন শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ অাচাৰ্য অাচাৰ্যা সকলে ইয়াত ভাগ লৈছে।
৮ আৰু ৯ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ আয়োজন কৰা এই বৃহৎ কৰ্মশালা সাফল্য মণ্ডিত কৰিবলৈ ৰাজ্যৰ ৯১ টা স্থানত থকা শংকৰদেৱ শিশু বিদ্যা নিকেতন পৰিচালনা সমিতিৰ বিষয় ববীয়া, কৰ্ম কৰ্তা অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী সকলেও এই কৰ্মশালাত যথেষ্ট সহায় সহযোগ অাগবঢ়াইছে বুলি শিশু শিক্ষা সমিতি অসমৰ প্ৰচাৰ সম্পাদক অজয় কুমাৰ বৰা, প্ৰচাৰ বিভাগৰ প্ৰান্তীয় সংবাদদাতা লালজী সোণাৰীৰ লগতে ছচিয়েল মেডিয়াৰ প্ৰচাৰ প্ৰমুখ মুকুটেশ্বৰ গোস্বামীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে ।












