ASSAM TIMES POST
নগাঁওঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি নগাঁৱত সদৌ নগাঁও জিলা ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে যৌথভাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।আজি সন্ধিয়া দুয়োটা সংগঠনৰ সদস্য সকলে হাতে হাতে জোৰ লৈ এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াই নগাঁও চহৰ উত্তাল কৰি তোলে।
নগাঁও জিলা আছুৰ কাৰ্যালয়ৰ পৰা উলিওৱা জোৰ সমদলে নগাঁও চহৰৰ বিভিন্ন স্থান পৰিভ্ৰমন কৰি বিজেপি চৰকাৰ হায় হায়, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবই লাগিব,’কা’ আমি নামানো, নৰেন্দ্ৰ মোদী-অমিত শ্বাহ মুৰ্দাবাদ, সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ,হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
নগাঁও চহৰৰ মূল পথৰে নতুন বজাৰ চাৰিআলিহৈ উলিওৱা সমদলটোত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক ক্ৰমে গৌৰিশংকৰ শইকীয়া,অমৰ জ্যোতি ফুকন,অসম যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উপদেষ্টা মনোজ সিংহ ৰাজা,সভাপতি-সম্পাদক ক্ৰমে দীপমনি বৰা,প্ৰাগজ্যোতিষ বনিয়া,পৰিষদৰ নেতা প্ৰৱাল শৰ্মা আদিয়ে অংশগ্ৰহন কৰে।












