ASSAM TIMES POST
বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰৰ পৰা অজন্তা তালুকদাৰ, বোকাখাতঃ
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ আদৰণী সমিতিয়ে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ “দয়ানিধি“ আঢ়ৈ দিনত বিক্ৰী হৈ শেষ হৈছে৷ ৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত ৪ দিনীয়া আধিৱেশনৰ প্ৰথমদিনা উন্মোচন হোৱা স্মৃতিগ্ৰন্থখন অধিৱেশনৰ অন্তিম দিনটোত পাঠকে কিনিবলৈ পোৱা নাই৷
পূৰ্বৰ অধিৱেশন সমূহৰ অভিজ্ঞতাৰ ভিত্তিত এইবাৰ ১০ হাজাৰ কপি স্মৃতিগ্ৰন্থ ছপা কৰা হৈছিল যদিও পাঠকৰ বিপুল দাবীত অধিৱেশনৰ বিক্ৰীৰ বাবে উপলব্ধ স্মৃতিগ্ৰন্থই বিক্ৰীৰ অভিলেখ গঢ়ে৷ “দয়ানিধি” বিক্ৰী মূল্য ১৭০.০০ টকা ধাৰ্য কৰা হৈছিল ৷
বোকাখাত কমাৰগাঁৱৰ এই ৮৯ সংখ্যক অধিৱেশনত আদৰণী সমিতি, মূল সমিতিৰ বাবে নিৰ্দিষ্টকৈ ৰখা কপিসমূহৰ বাদে সমূহ স্মৃতিগ্ৰন্থ ভক্তপ্ৰাণ ৰাইজে আদৰেৰে সংগ্ৰহ কৰাটো এটা উল্লেখ যোগ্য কথা ৷ আদৰণি সমিতিয়ে নিজা ববীয়াকৈ চাৰিখন গ্ৰন্থও প্ৰকাশ কৰিছিল ৷
সেই গ্ৰন্থসমূহ হ’ল “ভক্তিসাহিত্যৰ ৰসানুভৱ“, লিখক শোভনচন্দ্ৰ শইকীয়া, “পৰিৱেশ্য কলা আবৃত্তি“ , লিখক ড° গায়ত্ৰী বৰা কাকতি, “Impact of the Gita on Namghosa“, লিখক মহেন্দ্ৰ নাথ হাজৰিকা, “ভক্তিৰে প্ৰণিপাত”। এই গ্ৰন্থ সমূহৰ বিক্ৰীও আশাপ্ৰদ।
“দয়ানিধি”ৰ বিভাগীয় সম্পাদক সকল ক্ৰমে অসমীয়া বিভাগৰ ভাৰতী হাজৰিকা, ইংৰাজী বিভাগৰ ড° গায়ত্ৰী বৰা কাকতি আৰু ৰাতুল ৰাজখোৱা, হিন্দী বিভাগৰ নাৰায়ন গগৈ, বোকাখাত দৰ্পণৰ সম্পাদকদ্বয় ক্ৰমে নিজৰা বৰঠাকুৰ আৰু গীতাঞ্জলি কলিতা ৷ “দয়ানিধি”ৰ মুখ্য সম্পাদক মৃণাল কুমাৰ বৰুৱা আৰু সম্পাদক হেমচন্দ্ৰ বৰুৱা।












