![]()
সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত কাৰ্বি আংলং জিলা কবি সন্মিলনৰ ২ য় কাৰ্য নিৰ্বাহক সভা ডিফুস্থিত লেখিকা সমাৰোহ সমিতিৰ কাৰ্যালয় ডঃ মামনি ৰয়ছম গোস্বামী ভৱনত পুৱা ১১ বজাৰ পৰা জিলা কবি সন্মিলনৰ সভাপতি ছাৰ এৎ হাঞ্চেৰ পৌৰোহিত্যত অনুষ্ঠিত হয় ৷

উক্ত সভাৰ উদ্দেশ্য বাখ্যা কৰে জিলা সম্পাদক কৌস্তৱ খাউণ্ডে ৷ উক্ত সভাত উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ সম্পাদক কৃষ্ণ দৈমাৰী, জিলাৰ কোষাধ্যক্ষ মোলান চন্দ্ৰ লষ্কৰ, সহকাৰী সম্পাদক হাৰ্বে কাথাৰ, গৌতম চন্দ, জিলা কাৰ্যনিৰ্বাহক বিদ্যুৎ মেচ, দিগম্বৰ হাজৰিকা প্ৰমুখ্যে বহু কেইজন সদস্য ৷
সভাত পৰৱৰ্তী কাৰ্য পন্থাৰ ওপৰত আলোচনা কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ তদুপৰি জিলাখনত কাব্যিক বাতাবৰণ সৃষ্টি কৰাৰ লগতে সাংগঠনিক ভাবে সবল কৰাৰ লক্ষ্য আগত ৰাখি অসম কবি সন্মিলনৰ সম্পাদক কৃষ্ণ দৈমাৰীয়ে বক্তব্য ৰাখে ৷ শেহত জিলা সম্পাদক কৌস্তৱ খাউণ্ডে শলাগৰ শৰাই আগবঢ়োৱাৰ পাছত কাব্যিক মন্ত্ৰ পাঠেৰে সভাখনৰ সফল সামৰণি পৰে ৷













