
অসমৰ সংগীত জগতক উকা কৰি শুকুৰবাৰে এই ধৰাৰ পৰা বিদায় মাগে অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে । ছিংগাপুৰত নৰ্থ-ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল জুবিন। বৃহস্পতিবাৰে তেওঁ তাত অনুষ্ঠান পৰিবেশন কৰিছিল।

আনহাতে, শুকুৰবাৰে তেওঁৰ আনকেইজনমান সহশিল্পী আৰু বন্ধুৰ সৈতে সাগৰত সাঁতুৰিবলৈ গৈছিল জুবিন গাৰ্গ। এখন য়টত উঠি সাগৰত জলকেলি কৰি থকাৰ সময়তে চিজাৰত আক্ৰান্ত হয় জুবিন। তাৰ পিছত তেওঁক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে সমগ্ৰ অসমৰ লগতে দেশৰ সংগীত জগততো শোকৰ ছাঁ পেলাইছে। বলিউডকে ধৰি দেশৰ প্ৰায়সংখ্য়ক তাৰকা শিল্পীয়ে জুবিনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
জুবিনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰদানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। তেওঁ সামাজিক মাধ্যমত অসমীয়াতে এক শোকবাৰ্তা পোষ্ট কৰি জুবিনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
শোকবাৰ্তাটোত তেওঁ লিখিছে, “জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত শোকস্তব্ধ হৈ পৰিছোঁ । সংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা চহকী অৱদানৰ বাবে তেওঁ স্মৰণীয় হৈ থাকিব । তেওঁৰ গীত সকলো শ্ৰেণীৰ মানুহৰ মাজত অতি জনপ্ৰিয় আছিল। তেওঁৰ পৰিয়াল আৰু অনুৰাগীলৈ গভীৰ সমবেদনা জ্ঢাপন কৰিছোঁ । ঔম শান্তি।”
উল্লেখ্য যে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। আনহাতে, তেওঁৰ অন্তিম যাত্ৰাৰ কাৰ্যসূচী নিৰ্ধাৰণৰ বাবে মন্ত্ৰীসভাৰ এক জৰুৰী বৈঠকো আহ্বান জনাইছে। ইফালে কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা ছিংগাপুৰলৈ ৰাওনা হৈছে। আছুৱে গুৱাহাটীত আজি সন্ধিয়া জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।













