
জুবিন গাৰ্গৰ (Zubeen Garg) মৃত্যুৰ তদন্ত আৰু ন্যায় বিচাৰি চি আই ডি কাৰ্যালয়ত এজাহাৰ দাখিল শিল্পী সমাজৰ। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে চি আই ডিৰ ওচৰত শিল্পী সমাজে এজেহাৰ দাখিল কৰে। দলটোত আছিল যতীন বৰা, ৰবি শৰ্মা, ডাঃ হিতেশ বৰুৱা, শশাংক সমীৰকে ধৰি বহুকেইগৰাকী অভিনেতা, কণ্ঠশিল্পী তথা অন্যান্য শিল্পী।

আনহাতে, চি আই ডিৰ কাৰ্যালয়ত এজাহাৰ দাখিল কৰাৰ পিছত অভিনেতা ৰবি শৰ্মা, যতীন বৰা, ডাঃ হিতেশ বৰুৱাকে ধৰি কেইবাজনৰো বক্তব্য লিপিবদ্ধ কৰা হয়। ইফালে এজাহাৰ জাখিলৰ পিছত অভিনেতা ৰবি শৰ্মাই কয় যে কাৰ গাফিলতিৰ বাবে এই ঘটনা হ’ল সেয়া স্পষ্ট হোৱাটো প্ৰয়োজন। তেওঁ লগতে জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলিও উল্লেখ কৰে।
কিয়নো দুদিনকৈ ঔষধ নোখোৱা মানুহজনক সাগৰৰ মাজ লাইভ জেকেট নোহোৱাকৈ এৰি দিয়াটো এক অপৰাধ। কিয়নো জুবিনক পানী আৰু জুইৰ পৰা আঁতৰাই ৰাখিবলৈ চিকিৎসকে পৰামৰ্শ দিছিল। কিন্তু সেই কথা জনাৰ পিছতো সিদ্ধাৰ্থ শৰ্মাই জুবিনৰ জীৱনৰ সৈতে হেতালি খেলাৰ অভিযোগ ৰবি শৰ্মাৰ।
লগতে ছিংগাপুৰলৈ মাতি নিয়া শ্যামকানু মহন্তৰ জুবিন গাৰ্গ ক’ত কেনেকৈ আছে তাৰ খবৰ ৰখাৰ দায়িত্ব আছিল বুলিও উল্লেখ কৰি কয় যে এই ক্ষেত্ৰত তেওঁ গা এৰি দি চলিলে। শ্যামকানু মহন্তক জাতিদ্ৰোহী বুলি উল্লেখ কৰি ৰবি শৰ্মাই লগতে কয় যে কাৰ ভুল আৰু গাফিলতিৰ বাবে জুবিন গাৰ্গক হেৰুৱালোঁ সেই কথা জানিব লাগিব।
আনহাতে, যতীন বৰাই কয় যে জুবিনৰ মৃত্যুৰ আমাক, অসমৰ ৰাইজক ন্যায় লাগে। চি আই ডিৰ তদন্তত ভাল ফলাফল পাম বুলি আশাবাদী যতীন বৰাই লগতে কয় যে সিদ্ধাৰ্থই জুবিনৰ ক্ষেত্ৰত অৱহেলা কৰিছে।













