
জুবিন গাৰ্গৰ (Zubeen Garg) মৃত্য়ুৰ প্ৰকৃত কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্ততেই আছে। আনহাতে, সকলোৱে প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ সকলো উৎসুক হৈ আছে।

সকলোৰে অপেক্ষা মৰমৰ শিল্পীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈ। তাৰ মাজতেই জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অৰ্পণ কৰা হৈছে পত্নী গৰিমা শইকীয়া গাৰ্গৰ হাতত। শনিবাৰে এই প্ৰতিবেদন গৰিমা গাৰ্গক এছ আই টিয়ে অৰ্পণ কৰে।
এছ আই টিৰ বিষয়া মৰমী দাসে জি এম চি এইচত হোৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন শনিবাৰে জুবিন গাৰ্গৰ বাসগৃহত তেওঁৰ পত্নী গৰিমা গাৰ্গক অৰ্পণ কৰে। ইয়াৰ পূৰ্বে ছিংগাপুৰ আৰক্ষীয়ে প্ৰেৰণ কৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন বৃহস্পতিবাৰে গৰিমা গাৰ্গৰ হাতত জমা দিয়া বুলি শুকুৰবাৰে জনাইছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই। কিন্তু গৰিমা গাৰ্গে জুবিনৰ মৃত্যুৰ প্ৰতিবেদন ৰাজহুৱা কৰে নে নকৰে তাক লৈ সৃষ্টি হৈছে চৰ্চাৰ।
উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বৰ্তমান কেইবাটাও চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। জুবিনৰ বাদ্যযন্ত্ৰী শেখৰ গোস্বামীয়ে আৰক্ষীৰ জেৰাত বহুকেইটা চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰা বুলি ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে।
আনহাতে, জুবিনক হত্যাৰ অভিসন্ধি ৰচা বুলিও শেখৰজ্যোতিয়ে এছ আই টিৰ আগত উল্লেখ কৰা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ইয়াৰ মাজতে ন্যায়াধীশ সৌমিত্র শইকীয়াৰ অধ্যক্ষতাত শনিবাৰে জুবিনৰ মৃত্যুৰ গোচৰৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে এখন ন্যায়িক তদন্ত আয়োগ গঠন কৰি দিয়ে।













