
অসমৰ জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক আজিও কোনো জুবিন প্ৰেমীয়ে মানি ল’ব পৰা নাই ৷ সেয়ে আদ্যশ্ৰাদ্ধ হৈ যোৱাৰ পিছতো ৰাজ্যৰ চুকেকোণে জুবিন সোঁৱৰণী শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হৈয়েই আছে ৷ দেওবাৰে ডিফু ক্লাৱত শিল্পী গৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰি আয়োজন কৰা হৈছে সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু নাম প্ৰসংগ ৷

বিয়লি ৪ বজাৰ পৰা আয়োজন কৰা এই অনুষ্ঠানত ডিফুৰ সকলো দল-সংগঠনৰ লগতে সকলো জুবিন প্ৰেমীক সকলে জুবিনৰ প্ৰাতিকৃতিত বন্তি প্ৰজলনেৰে শিল্পী গৰাকী শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয় ৷ ডিফু ক্লাৱত প্ৰাৰ্থনা সভাত হিন্দু ; জৈন ; খ্ৰীষ্টান ; ইছলাম ; বৌদ্ধ ; শিখ ; লখিমন আদি ধৰ্মৰ বিজ্ঞ সকলে নিজৰ নিজৰ ধৰ্মগ্ৰন্থ পাঠ কৰি জুবিনৰ আত্মাৰ সদগতি কামনা কৰে ৷
ইয়াৰ পিছতে হ’ব নাম প্ৰসংগ ৷ নাম প্ৰসংগৰ পাছত বিতৰণ কৰা হয় প্ৰসাদ ৷ ডিফু ক্লাৱৰ সম্পাদক মাধব বৰাই সাংবাদিক সকলৰ সৈতে বাৰ্তালাপত কয় যে, জুবিনৰ মৃত্যুৱে সাম্প্ৰদায়িকতাৰ চিনচাব নোহোৱা কৰিলে , জাত-পাত পাহৰি সকলো জাতি জনগোষ্ঠীয়ে এখন সুন্দৰ শান্তিৰ অসম গঢ়িবলৈ ঐক্যবদ্ধ হৈ ওলাই আহিল ৷ বাৰিষাত যেনেকে বাঘে ছাগে এক হয় তেনেকৈ জুবিনৰ মৃত্যুত লাখে লাখে মানুহ ভেদ ভাৱ পাহৰি ওলাই আহিলে ৷ মানৱতাবাদীৰ সপোন ৰচা জুবিন গাৰ্গ আমাৰ মাজত ভোটা তৰা হৈ থাকিব ৷













