
বোকাখাতত বাহনেৰে সৈতে আৰক্ষীৰ হাতত জব্দ হৈছে ষাঠি লাখ টকাৰ টোপোলা। বোকাখাতত দেওবাৰে নিশা আৰক্ষীয়ে জব্দ কৰা এখন চুইফ্ট ডিজায়াৰ বাহনৰ পৰা ৬০ লাখ টকা উদ্ধাৰ হৈছে ৷

বাহনখনত চালকসহ চাৰিজন যুৱক থকাৰ কথা জানিব পৰা গৈছে ৷ আৰক্ষীৰ হাতত আটক হোৱা যুৱককেইজন তেজপুৰৰ কুলদীপ বেঙানী, মফিজুল কৰিম, আবেদ আলি আৰু মফিদুল হক বুলি জানিব পৰা গৈছে।
বোকাখাত আৰক্ষীয়ে দেওবাৰে নিশা এক গোপন সূত্ৰৰ প্ৰাপ্ত তথ্যৰ ভিত্তিত আটক কৰিছিল বাহনখনৰ সৈতে চাৰিওকে ৷ এ এচ ১২ এ কে ২৮৭৯ নম্বৰৰ চুইফ্ট ডিজায়াৰ বাহনখনত তেজপুৰৰ পৰা যোৰহাটলৈ আহিছিল বুলি আৰক্ষীৰ আগত মন্তব্য কৰিছে চাৰিও যুৱকে ৷ অৱশ্যে তদন্তৰ খাতিৰত আৰক্ষীয়ে বৰ্তমানলৈকে এই সন্দৰ্ভত অধিক তথ্য মুকলি কৰা নাই৷
যুৱক কেইজনে ব্যৱসায়ত খটুৱাবৰ বাবে তেজপুৰৰ এটা বেংকৰ নিজৰ একাউণ্টৰ পৰা টকাখিনি উঠাই আনিছিল বুলি সাংবাদিকৰ আগত জনায় ৷ লগতে এই সন্দৰ্ভত প্ৰয়োজনীয় নথি-পত্ৰও আছে আৰু দাখিল কৰিব পাৰিব বুলিও কয়। চাৰি যুৱকক বোকাখাত আৰক্ষীয়ে সোধপোছ কৰাৰ লগতে অনুসন্ধান অব্যাহত ৰাখিছে ৷













