
হাওৰাঘাট ঘগৰানলাত থকা একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ত যোৱা নিশা খাদ্য গ্ৰহণ কৰি ১৪ গৰাকীকৈ ছাত্ৰ – ছাত্ৰী অসুস্থ হৈ পৰাৰ বাতৰি পোৱা গৈছে।

জানিব পৰা মতে, যোৱা নিশা বিদ্যালয়খনৰ ১২০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে নিশাৰ আহাৰ গ্ৰহণ কৰে যদিও আজি পুৱাৰে পৰা ইয়াৰে ১৪ গৰাকী শিক্ষাৰ্থী অসুস্থ হৈ পৰে।

অসুস্থ ছাত্ৰ ছাত্ৰীসকলক লগে লগে হাওৰাঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰোৱাই চিকিৎসা প্ৰদান কৰা হয়। খাদ্যত বিষক্ৰিয়াত আক্ৰান্ত ছাত্ৰ ছাত্ৰীসকল সম্প্ৰতি বিপদ মুক্ত বুলি চিকিৎসকে জানিবলৈ দিছে। হাওৰাঘাট আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।













