
অৱশেষত আৰক্ষীৰ জিম্মাৰ সমাপ্ত হ’ল জুবিন গাৰ্গ (Zubeen Garg) মৃত্যু গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্তৰ লগতে জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ ।

ইয়াৰ পিছত এই ৭ অভিযুক্তৰ ভিতৰত ৫ জনক বুধবাৰে আদালতত হাজিৰ কৰোৱা হয়। শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ বাদে বাকী ৫ অভিযুক্তক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে অভিযুক্ত এই আটাইকেইজনকে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে যোৱা ১ অক্টোবৰত শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শর্মাক, ৫ অক্টোবৰত শেখৰজ্যোতি আৰু অমৃতপ্ৰভাক, সন্দীপন গাৰ্গক ৮ অক্টোবৰত আৰু দুই ব্যক্তিগত দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক ১০ অক্টোবৰত গ্রেপ্তাৰ কৰিছিল।
জানিব পৰা মতে, এই পাঁচ অভিযুক্তৰ এতিয়া নতুন ঠিকনা হ’ব বাক্সাৰ কেন্দ্ৰীয় কাৰাগাৰ। ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আটাইকেইগৰাকীকে বাক্সালৈ লৈ যোৱা হৈছে।
বাক্সাৰ মুছলপুৰ নাইবা নিকাছিৰ নৱনিৰ্মিত কাৰাগাৰত তেওঁলোকক ৰখা হ’ব পাৰে বুলি অনুমান কৰা হৈছে। উল্লেখ্য যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত নিৰাপত্তাজনিত সমস্যাৰ আশংকাতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।













