
ত্ৰিপুৰাৰ খোৱাই জিলাৰ (Tripura Violence) সীমান্তৱৰ্তী অঞ্চলত তিনিজন বাংলাদেশী নাগৰিকৰ মৃত্যুক কেন্দ্ৰ কৰি নতুন দিল্লী আৰু ঢাকাৰ মাজত কূটনৈতিক উত্তেজনাৰ সৃষ্টি হৈছে।

মহম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে মৃত লোককেইজনক প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে। এই ঘটনাক গৰিহণা দি বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে শীঘ্ৰে আৰু নিৰপেক্ষ তদন্তৰ দাবী জনাইছে।
আনহাতে, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে জনোৱা মতে, বুধবাৰে তিনিওজন বাংলাদেশী নাগৰিকে গৰু চুৰি কৰিবলৈ ভাৰতত প্ৰৱেশ কৰিছিল। ভাৰতৰ ভূখণ্ডৰ ভিতৰত প্ৰায় ৩ কিলোমিটাৰ প্ৰৱেশ কৰি বিদ্যাবিল গাঁৱৰ বাসিন্দাৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।
তাই তেওঁলোকৰ মৃত্যু হয়। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, “মৃতদেহকেইটা বাংলাদেশক গতাই দিয়া হৈছে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ কৰা হৈছে।”
আন্তঃৰাষ্ট্ৰীয় সীমান্তত গৰু সৰবৰাহ, চুৰি, ডকাইতি, ড্ৰাগছ সৰবৰাহৰ দৰে অপৰাধমূলক কাৰ্যকলাপ ৰোধৰ বাবে বাংলাদেশ চৰকাৰে কঠোৰ পদক্ষেপ লোৱাৰ প্ৰয়োজন বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰে। বাংলাদেশৰ সংবাদ মাধ্যম প্ৰথম আলোৱে প্ৰকাশ কৰা অনুসৰি, নিহত তিনিওজন তেওঁলোকৰ দেশৰ নাগৰিক। হবীগঞ্জৰ চুনাৰঘাট উপজিলাৰ পণ্ডিত মিঞা (৪০), সাজল মিঞা (২৫) আৰু জুৱেল মিঞা (৩৫)।
বাংলাদেশী আৰক্ষীয়ে দাবী কৰিছে যে তেওঁলোক পেছাত দিনহাজিৰা কৰা শ্ৰমিক আছিল। কিন্তু নিশাৰ আন্ধাৰত তেওঁলোকে কিয় সীমান্ত উলংঘা কৰি ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিলে সেই সন্দৰ্ভত কোনো সবিশেষ ঢাকাই দিয়া নাই।













