
জুবিন গাৰ্গৰ (Zubeen Garg) মৃত্যুৰ উচিত ন্যায়ৰ দাবীত আছুৱে আজি ৰাজ্যজুৰি ৰাজপথ উত্তাল কৰে। ৰাজ্যৰ অন্য়ান্য প্ৰান্তৰ দৰে গুৱাহাটী মহানগৰীতো আছুৰ নেতা-কৰ্মীসকলে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত ৰাজপথত ন্যায় সমদল উলিয়ায়।

শ্বহীদ ন্যাসৰ পৰা উলিওৱা এই বিশাল সমদলত অংশগ্ৰহণ কৰে আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মাকে ধৰি আছুৰ নেতৃবৰ্গই। এই ন্যায় সমদলত অংশগ্ৰহণ কৰা আছুৰ নেতা-কৰ্মীসকলে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথ কঁপাই তোলে।
আনহাতে, এই ন্যায় সমদলত অংশগ্ৰহণ কৰি আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত কয় যে অসমত আন্দোলন নকৰাকৈ একো পোৱা নাযায়।
আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাজপথত সংগ্ৰাম কৰিবলগীয়া হৈছে। দোষীক কঠোৰ আৰু দৃষ্টান্তমূলক শাস্তি দিয়াৰ লগতে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ হ’ব লাগিব বুলি কয় আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে।













