ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Roi Roi Binale I ট্ৰেইলাৰতে ধুমুহা, জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’লৈ দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 24, 2025
Reading Time: 1 min read
A A
0
Roi Roi Binale I ট্ৰেইলাৰতে ধুমুহা, জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’লৈ দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

প্ৰায় ১৪ বছৰৰ এটা সপোন পূৰণ হোৱাৰ দিশে। কিন্তু দুৰ্ভাগ্যৰ কথা যে সেই সপোন পূৰণ হোৱাটো চাবলৈ নিজে নাই ইয়াৰ সৃষ্টাৰ। কিন্তু সপোনৰ কলিটো অংকুৰণ হোৱাৰ লগে লগেই ৰাইজৰ পৰা যেনেদৰে সমাদৰ লাভ কৰিছে তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে ই অসমত সৃষ্টি কৰিব এক নতুন ইতিহাস।
Roi Roi Binale I
জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’লৈ দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি:

হয়, জুবিন গাৰ্গৰ (Zubeen Garg) সপোনৰ প্ৰকল্প ‘ৰৈ ৰৈ বিনালে’ ছবিখনৰ কথাকে কোৱা হৈছে। এই ছবিখনক লৈ তেওঁৰ আছিল যথেষ্ট সপোন। অৱশেষত সেই সপোন পূৰণৰ প্ৰথমটো পৰ্যায় অতিক্ৰম কৰে বৃহস্পতিবাৰে।

বৃহস্পতিবাৰে মুকলি কৰা হয় ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰ। ট্ৰেইলাৰ মুকলিৰ পিছতে ছবিখনে দৰ্শকৰ মাজত লাভ কৰিছে অভাৱনীয় সফলতা। এক প্ৰকাৰ সৃষ্টি কৰিছে ধুমুহাৰ। ট্ৰেইলাৰ মুকলিৰ ১২ ঘণ্টা নৌহওঁতেই ইয়াৰ দৰ্শকৰ সংখ্যাই ১ মিলিয়ন অতিক্ৰম কৰিলে। যাৰ ফলত ছবিখনক লৈ এতিয়া সকলোৰে মাজত সৃষ্টি হৈছে ব্যাপক উৎসাহ।

জুবিন গাৰ্গৰ কাহিনী আৰু অভিনয়েৰে নিৰ্মাণ কৰা এই ছবিখনৰ পৰিচালক হৈছে ৰাজেশ ভূঞা। অহা ৩১ অক্টোবৰত ছবিগৃহত মুক্তিলাভ কৰিব প্ৰথমখন অসমীয়া সাংগীতিক ছবি (মিউজিকেল ড্ৰামা) ‘ৰৈ ৰৈ বিনালে’। মুক্তিৰ পূৰ্বে সামাজিক মাধ্যমতো ছবিখনক লৈ সৃষ্টি হৈছে ব্যাপক চৰ্চা।

ছবিখনৰ অন্তিম পৰ্যায়ৰ কাম বৰ্তমান মুম্বাইত পূৰ্ণগতিত চলি আছে। প্ৰথমবাৰৰ বাবে অসমীয়া ছবিত অত্যাধুনিক কাৰিকৰী কৌশল প্ৰয়োগ কৰা এই ছবিখনত জুবিন গাৰ্গে এক ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰিছে। বহুতৰ মতে এই ছবিখনত জুবিন গাৰ্গৰ জীৱন আৰু কৰ্মৰ প্ৰতিফলন ঘটিব। এগৰাকী অন্ধ কণ্ঠশিল্পীৰ চৰিত্ৰ অভিনয় কৰিছে জুবিন গাৰ্গে। এই চৰিত্ৰটোত অভিনয়ৰ বাবে তেওঁ প্ৰায় দুমাহ ধৰি চকুত লেন্স লগাই শ্বুটিং কৰিছিল।

আনহাতে, ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছত পত্নী গৰিমা গাৰ্গে ছচিয়েল মিডিয়াত দিছে এটা আবেগিক পোষ্ট। ফেচবুকত দিয়া পোষ্টটোত গৰিমা গাৰ্গে লিখিছে, “চোৱা গ’ল্ডী.. তোমাৰ বহুত হেঁপাহৰ, বহুত মৰমৰ ‘ৰৈ ৰৈ বিনালে’ সাজু হৈ উঠিছে লাহে লাহে! তোমাৰ ইচ্ছা, তোমাৰ সপোন সাকাৰ কৰিবলৈ তোমাৰ কথামতেই সকলোৱে চেষ্টা কৰিছে কামবোৰ ভালকৈ কৰিবলৈ। তুমি আশীৰ্বাদ কৰি থাকিবা … বাট দেখুৱাই থাকিবা।”

ছবিখনত আছে মুঠ ১১ টাকৈ গীত। ইয়াৰে ভিতৰত ইতিমধ্যে ‘মোৰ মন’ আৰু ‘সপোন সপোন’ শীৰ্ষক গীত দুটি মুক্তিলাভ কৰিছে। ছবিখনত অভিনয় কৰা আন আন শিল্পীসকল হৈছে ভিক্টৰ বেনাৰ্জী, জয় কাশ্যপ, আচুৰ্য বৰপাত্ৰ, মৌচুমী আলিফা, উজ্জ্বল ৰাজখোৱা, মিতালী ৰয়, আঙুৰলতা ডেকা আদি।

Tags: 'ৰৈ ৰৈ বিনালে'লৈ দৰ্শকৰ অভূতপূৰ্ব সঁহাৰিজুবিন গাৰ্গৰ সপোনৰ ছবিট্ৰেইলাৰতে ধুমুহা
Share4Tweet3Send

Related Posts

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

by News Desk
August 1, 2026
50
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

by Staff Reporter
July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

by Staff Reporter
July 31, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

by Staff Reporter
July 31, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood I ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি, ক্ষতিগ্ৰস্ত ২ লক্ষাধিক লোক

by Staff Reporter
July 31, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
Assam

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

by Staff Reporter
July 30, 2026
50
ADVERTISEMENT
JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক
National-International

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

August 1, 2026
50
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা
National-International

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

August 1, 2026
50
India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব
National-International

India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

August 1, 2026
50
Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

August 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

August 1, 2026
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

August 1, 2026
India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx