
সকলো প্ৰতিবাদ আৰু বাধা-বিঘিন নেওচি লখিমপুৰ আৰু ধেমাজি জিলাৰ অৰুণাচল সীমান্তৰ গেৰুকামুখত থকা নামনি সোৱণশিৰি জলবিদ্যুৎ (NHPC Subansiri project) প্ৰকল্পৰ পৰা বিদ্যুৎ উৎপাদন প্ৰক্ৰিয়া শুকুৰবাৰে আৰম্ভ হয়।

২০০০ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোত শুকুৰবাৰে প্রথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে বিদ্যুৎ উৎপাদন আৰম্ভ হয়। এন এইচ পি চিৰ মুখ্য কাৰ্যবাহী বিষয়া ভূপেন্দ্ৰৰ গুপ্তাৰ উপস্থিতিত প্ৰথম ইউনিটত এটা টাৰ্বাইনৰ পৰা ২৫০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ পৰীক্ষা সম্পন্ন কৰা হয়৷ আনহাতে, নৱেম্বৰ মাহৰ ভিতৰত আটাইকেইটা ইউনিট কাৰ্যক্ষম হৈ উঠিব বুলি জানিব পৰা গৈছে।













