
কাৰ্বি আংলং জিলাৰ বিভিন্ন বিধানসভাৰ অধীনত অসম চৰকাৰৰ শুশ্রুষা আঁচনিৰ স্বাস্থ্য শিবিৰৰ শুকুৰবাৰে সন্ধিয়া ৫ বজাত সফল সামৰণি পৰে ৷ কাৰ্বি আংলং জিলা স্বাস্থ আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে পুৱা ৯ বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে ডিফু বিধান সভা সমষ্টিৰ ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত হয় এই অন্তিম মেগা স্বাস্থ্য শিৱিৰ ৷

এই স্বাস্থ্য শিৱিৰৰ শুভ উদ্ধোধন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিয়দৰ স্বাস্থ্য বিভাগৰ ইএম সূৰ্য ৰংফাৰে ৷ আনহাতে ডিফু সমষ্টিৰ বিধায়ক বিদ্যাছিং ইংলেঙে উক্ত মেগা স্বাস্থ্য শিৱিৰত উপস্থিত হৈ শিৱিৰটোৰ বুজ লোৱাৰ লগতে স্বাস্থ্য কৰ্মী চিকিৎসক সকলৰ সৈতে মত বিনিময় কৰে ৷ উক্ত শিৱিৰত ১৮ বছৰ অনুৰ্ধৰ ২ সহস্ৰাধিক শিশু আৰু কিশোৰক স্বাস্থ্য পৰীক্ষাৰ লক্ষ্য লোৱা হৈছে যদিও এই সংখ্যা এনএইছম কৰ্মচাৰী সকলৰ আকষ্মিক ভাবে ধৰ্মঘট কাৰ্যসূচী পালন কৰাৰ বাবে এই সংখ্যা কিছু হ্ৰাস পাব পাৰে বুলি আশংকা কৰা হৈছে ৷
ৰোগী সকলক দূৰ – দূৰণিৰ পৰা ডিফুলৈ আনিবলৈ কেইবাখনো বাছ ব্যৱহাৰ কৰা হৈছে ৷ যোৱা ১০ অক্টোবৰত কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ জপৰাজান খৰছিং টেৰাং হাইস্কুল প্ৰাংগনত আৰু ২৩ অক্টোবৰত হাওৰাঘাট বিধান সভা সমষ্টিৰ ডকমকা হাবেৰাম ৰংফাৰ খেলপথাৰতো অনুষ্ঠিত হৈ যায় এই মেগা স্বাস্থ্য শিৱিৰ ৷
শিবিৰত ৫০টা বিভিন্ন ৰোগৰ চিকিৎসা প্রদান কৰা হ’য় ৷ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসো উপস্থিত থাকি চিকিৎসা প্ৰদান কৰে । ডিফু বিধানসভা সমষ্টিত আজি উক্ত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয় ৷ নিউৰ’লজি আৰু কাৰ্ডিঅ’লজিৰ বাবে গুৱাহাটীৰ বিশেষজ্ঞ সকলে চিকিৎসা সেৱা আগবঢ়ায় ৷













