
অসমৰ সাংস্কৃতিক জগতত পুনৰ নক্ষত্ৰ পতন। এই বছৰৰ শেষৰ ফালে এটা এটাকৈ তিনিটা দুঃখবৰে অসমৰ সাংস্কৃতিক জগতৰ বৃহৎ ক্ষতি কৰিলে।

প্ৰথমে জুবিন গাৰ্গ, তাৰ পিছত চৈয়দ চাদুল্লা আৰু এইবাৰ দীপক শৰ্মা (Dipak Sarma) । আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা আৰু নাই। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত সোমবাৰে পুৱা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। বাঁহীৰ সুৰেৰে জগত জিনা দীপক শৰ্মাৰ অৱশ্যে আজি বহু দিন ধৰি বাঁহীৰ সুৰ স্তব্ধ হৈ আছিল।
কিন্তু ইতিমধ্যে তেওঁ তেওঁৰ বাঁহীৰ সুৰেৰে সকলোকে মোহাচ্ছন্ন কৰি গৈছে৷ দীপক শৰ্মাৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে সকলোকে৷ জানিব পৰা মতে, সোমবাৰে পুৱা প্ৰায় ৬.১৫ বজাত চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৭ বছৰ৷ পৰিয়ালৰ সূত্ৰই নিশ্চিত কৰিছে এই তথ্য
উল্লেখ্য যে যকৃতৰ সংক্ৰমণ আৰু বহুকেইটা শাৰীৰিক সমস্যাত ভোগা দীপক শৰ্মা আজি কিছু বছৰৰ পৰা অসুস্থ হৈ আছিল। তাৰ মাজতে তেওঁৰ অৱস্থা সংকটজনক হোৱাত যোৱা মাহত তেওঁক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল৷
আনহাতে, এই সময়ছোৱাত তেওঁ যথেষ্ট পৰিমাণে আৰ্থিক সংকটত ভোগে। যাৰ বাবে তেওঁৰ বহু অনুৰাগী আৰু শুভাকাংক্ষীয়ে তেওঁৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়ায়। অভিনেতা ৰবি শৰ্মাৰ লগতে আৰু বহু শুভাকাংক্ষী তথা অনুৰাগীয়ে তেওঁক পাৰ্যমানে সহায় কৰে৷ চৰকাৰৰ তৰফৰ পৰাও তেওঁক সাহায্য আগবঢ়োৱা হয়। কিন্তু তেওঁৰ অৱস্থাৰ অধিক অৱনতি ঘটাত চেন্নাইলৈ লৈ যোৱা হয়।
ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বাঁহীবাদনৰ জৰিয়তে সুখ্যাতি লাভ কৰা তথা অসমক দাঙি ধৰা দীপক শৰ্মাৰ জন্ম হৈছিল ১৯৬৮ চনৰ ২৩ আগষ্টত নলবাৰী জিলাৰ পানীগাঁও বিলাগত। অৱশ্যে বৰ্তমান তেওঁ গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ বাসিন্দা আছিল।













