
সোমবাৰে জীৱন নাট সামৰা আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাৰ (Dipak Sarma) অকাল বিয়োগত শোক প্ৰকাশ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

মুখ্যমন্ত্ৰীয়ে তেওঁ কয় যে দীপক শৰ্মাৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। সোমবাৰে এক কাৰ্যসূচীত গহপুৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰীয়ে লগতে কয় যে দীপক শৰ্মাৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব। আনহাতে, তেওঁৰ পাৰ্থিৱ শৰীৰ চেন্নাইৰ পৰা অনাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰা বুলিও উল্লেখ কৰে।
লগতে দীপক শৰ্মাৰ বাঁহীৰ সুৰৰ ভূয়সী প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয় কয় যে দীপক শৰ্মাই বহু গভীৰতালৈ গৈ বাঁহী বজাব পাৰিছিল। সেয়ে অসমতে নহয়, দেশতো তেনেকুৱা শিল্পীৰ সংখ্যা বহু কম বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।













