
অহা ৮ নৱেম্বৰত গহপুৰৰ ভোলাগুৰি চাহবাগিচাত আনুষ্ঠানিকভাৱে নিৰ্মাণকাৰ্য আৰম্ভ হ’ব স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাৰ (Kanaklata University) নামত স্থাপন হ’বলগীয়া ৰাজ্যিক বিশ্ববিদ্যালয়ৰ।

বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। সোমবাৰে বিশ্ববিদ্যালয়খন নিৰ্মাণ হ’বলগীয়া স্থান পৰিদৰ্শন কৰি তথা আধাৰশিলা অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা কয়।
সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা বিধানসভা নিৰ্বাচনত গহপুৰৰ ৰাইজক কথা দিয়া মতেই শ্বহীদ কনকলতা বৰুৱাৰ স্মৃতিত এখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন হ’ব। অহা ৮ নৱেম্বৰত মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ইয়াৰ আধাৰশিলা স্থাপন কৰিব।
এই বিশ্ববিদ্যালয়খন এখন আধুনিক বিশ্ববিদ্যালয় হিচাপে গঢ়ি তুলিব বিচৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। আনহাতে, বিশ্ববিদ্যালয়খনে যাতে আৰম্ভণিৰে পৰাই এক ৰাষ্ট্ৰীয় ৰেংকত থাকিব পাৰে, অত্যাধুনিক শিক্ষাৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰতে এখন নামজ্বলা বিশ্ববিদ্যালয় হয় তাৰ বাবে সকলোৱে একত্ৰিতভাৱে কাম কৰিব বুলিও তেওঁ কয়।
উল্লেখ্য যে ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্মস্থলী ভোলাগুৰিৰ ৭৪০ বিঘা ভূমিত নিৰ্মাণ হ’বলগীয়া বিশ্ববিদ্যালয়খনত এ আই, ৰব’টিক ছায়েঞ্চ, থ্ৰী ডি প্ৰিণ্টিঙকে ধৰি অত্যাধুনিক বিষয়সমূহ থাকিব বুলিও মুখ্যমন্ত্ৰীয়ে লগতে কয়।













