
মণিপুৰত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা গুলীচালনাত নিহত চাৰিজন উগ্ৰপন্থী (Manipur Violence)। আৰক্ষী সূত্ৰই জনোৱা মতে, মঙলবাৰে পুৱা ইউনাইটেড কুকি ৰাষ্ট্ৰীয় সেনাবাহিনীৰ সৈতে হোৱা গুলীচালনাত চাৰিজন উগ্ৰপন্থী নিহত হয়।

গোপন সূত্ৰৰ পৰা আৰক্ষীয়ে খাপি নামৰ এখন গাঁৱত ইউ কে এন এৰ উগ্ৰপন্থীৰ এটা দলে আশ্ৰয় লোৱাৰ তথ্য লাভ কৰে । সেই তথ্য লাভ কৰাৰ লগে লগে নিৰাপত্তা বাহিনীয়ে গাঁওখন ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, মঙলবাৰে পুৱাৰে পৰা চুৰাচান্দপুৰৰ পৰা ৮০ কিলোমিটাৰ নিলগৰ খাপি গাঁৱত উগ্ৰপন্থীৰ সৈতে গুলীচালনা আৰম্ভ হয়। সূত্ৰ অনুসৰি, গাঁওখনত আশ্ৰয় লৈছিল ১৭জন উগ্ৰপন্থীয়ে। নিৰাপত্তা বাহিনীৰ অভিযানত এজন উগ্ৰপন্থী ধৰা পৰে। এই এনকাউণ্টাৰত চাৰিজন উগ্ৰপন্থী নিহত হয়।
বাকীসকল পলাই সাৰে। অসমম ৰাইফলছ আৰু আৰক্ষীৰ যুটীয়া বাহিনীয়ে বাকীকেইজন উগ্ৰপন্থীৰ সন্ধানত অভিযান চলাই আছে।
উল্লেখ্য যে যোৱা মাৰ্চ মাহত চুৰাচান্দপুৰৰ হেঙেলেপ গাঁৱত অসম ৰাইফলছে ইউ কে এন এৰ এটা বৃহৎ শিবিৰ ধ্বংস কৰিছিল।
উগ্ৰপন্থীয়ে গাঁৱৰ সমীপৰ এখন হাবিত শিবিৰ পাতিছিল। বিগত বৰ্ষৰ জুলাই মাহত উগ্ৰপন্থীয়ে কুকি ৰাষ্ট্ৰীয় সেনাবাহিনীৰ উপ-মুৰব্বীক হত্যা কৰিছিল। তেতিয়াৰ পৰাই নিৰাপত্তা বাহিনীয়ে ইউ কে এন এৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।













