
বুধবাৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ (Dr Bhupen Hazarika) চতুৰ্দশ মৃত্যুবাৰ্ষিকী। এই উপলক্ষে ৰাজ্যৰ বিভিন্নত প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়।

আনহাতে, ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এইবাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও মৃত্যুবাৰ্ষিকীৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সেই অনুসৰি ৰাজ্যৰ প্ৰতিখন জিলা সদৰ আৰু সমজিলাত পাঁচ হাজাৰতকৈ অধিক লোকৰ সমাবেশেৰে মানৱ শৃংখলৰ জৰিয়তে ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি ‘মানুহে মানুহৰ বাবে’ পৰিবেশন কৰা হয়।
এই কাৰ্যসূচীত বিদ্যালয়-মহাবিদ্যালয়, বিভিন্ন শ্ৰেণীৰ লোক আৰু সংগীত শিল্পীসকলে অংশগ্ৰহণ কৰে। আনহাতে, গুৱাহাটীৰ লতাশিল খেলপথাৰত অসম চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হয়।

ইয়াৰ পূৰ্বে বুধবাৰে পুৱা গুৱাহাটীৰ জালুকবাৰীস্থিত ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত সংগীত সূৰ্য ডঃ ভূপেন হাজৰিকাৰ সমাধিত গৈ শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰতো দিনজোৰা কাৰ্যসূচীৰে ভূপেন হাজৰিকাৰ মৃত্যুতিথি পালন কৰা হৈছে। মুখ্যমন্ত্ৰীৰ সৈতে সমাধি ক্ষেত্ৰত উপস্থিত থাকে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, প্ৰাক্তন সাংসদ কুইন ওজা, সাংস্কৃতিক বিভাগৰ আয়ুক্ত বি কল্যাণ চক্ৰৱৰ্তী, সচিব ৰাহুল দাস আৰু শিল্পী সমৰ হাজৰিকা।
আটায়ে বিশ্ব বৰেণ্য শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰি তেওঁৰ সৃষ্টিৰাজি তথা কৰ্মক স্মৰণ কৰে। ইফালে ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত শিল্পীগৰাকীৰ ভগ্নী স্তুতি পেটেলক সম্বৰ্ধনা জনায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।













