ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Bhaskar Jyoti Mahanta I ৰাজ্যাৰ মুখ্য তথ্য আয়ুক্তৰ পদ এৰিলে ভাস্কৰজ্যোতি মহন্তই

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 6, 2025
Reading Time: 1 min read
A A
0
Bhaskar Jyoti Mahanta I ৰাজ্যাৰ মুখ্য তথ্য আয়ুক্তৰ পদ এৰিলে ভাস্কৰজ্যোতি মহন্তই

Oplus_131072

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

অসম চৰকাৰৰ মুখ্য তথ্য আয়ুক্ত পদৰ পৰা হঠাতে পদত্যাগ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ (Bhashkarjyoti Mahanta)৷ সামাজিক মাধ্যমযোগে এই কথা জনাইছে ভাস্কৰজ্যোতি মহন্তই। আনহাতে, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ শীৰ্ষ সূত্ৰয়ো এই কথা নিশ্চিত কৰিছে৷

Bhaskar Jyoti Mahanta I
ৰাজ্যাৰ মুখ্য তথ্য আয়ুক্তৰ পদ এৰিলে ভাস্কৰজ্যোতি মহন্তই:

জানিব পৰা মতে, বুধবাৰে ভাস্কৰজ্যোতি মহন্তই তেওঁৰ পদত্যাগ-পত্ৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰিছে৷ অৱশ্যে কি কাৰণত ভাস্কৰজ্যোতি মহন্তই পদত্যাগ কৰিলে সেই বিষয়ে এতিয়াও কোনো নিৰ্দিষ্ট তথ্যা লাভ কৰা নাই যদিও মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে তেওঁ পদত্যাগ কৰাৰ ধাৰণা কৰা হৈছে৷

ইফালে পদত্যাগৰ পিছতে ভাস্কৰজ্যোতি মহন্তই সামাজিক মাধ্যমত দিয়া পোষ্টটোত উল্লেখ কৰিছে “অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে অৱসৰ লোৱাৰ পিছতে মই ২০২৩ চনৰ এপ্ৰিল মাহৰ ৫ তাৰিখে অসম তথ্য আয়োগত মুখ্য তথ্য আয়ুক্ত হিচাপে যোগদান কৰিছিলো। আৰক্ষী বিষয়া হিচাপে যেতিয়াই যি দায়িত্ব পাইছিলো, সেই দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰাৰ লগতে নতুন চিন্তাৰে কিবা এটা কৰাৰ যত্ন কৰাৰ দৰেই মুখ্য তথ্য আয়ুক্ত হিচাপে দায়িত্ব লৈয়ো মই কিছু নতুনত্ব অনাৰ চেষ্টা কৰিছিলো।”

তেওঁ লগতে লিখিছে, “ইয়াৰ ভিতৰত তথ্য জনাৰ অধিকাৰ আইনক ব্লেক মেইলিঙৰ আহিলা হিচাপে লোৱা সকলৰ প্ৰতি কঠোৰ হোৱা,অনলাইন ব্যৱস্থা প্ৰৱৰ্তন কৰি কাৰ্যালয়টোক কাগজ মুক্ত কৰা, বিভিন্ন তথ্য জানিবলৈ আগ্ৰহীসকলৰ সুবিধা হোৱাকৈ অনলাইন আবেদনৰ ব্যৱস্থা কৰা,নিয়মীয়া শুনানি আৰু নিয়মীয়া নিষ্পত্তিৰ জৰিয়তে বিচৰাধীন,অমীমাংসিত আবেদনৰ পাহাৰ কাৰ্যতঃ নোহোৱা কৰা,ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তেও শুনানিৰ ব্যৱস্থা কৰা, সাধাৰণ মানুহৰ সহায়ক হোৱাকৈ হাতপুথি উলিওৱা আদি অন্যতম।”

তেওঁ আৰু লিখিছে, “সি যি কি নহওক, অসম তথ্য আয়োগৰ সৈতে এইদৰে একাত্মভাৱে তথা আবেগিকভাৱে জড়িত হৈ পৰা সত্ত্বেও এক বিশেষ পৰিস্থিতিত কাৰ্যকাল সামৰণি পৰাৰ পূৰ্বেই মই মুখ্য তথ্য আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত লৈছো। আপোনালোক সকলো জ্ঞাত যে শেহতীয়াভাৱে সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গদেৱৰ মৃত্যুৰ ঘটনাৰ সৈতে মোৰ ভাই শ্যামকানু মহন্তৰ নাম সাঙোৰ খাই পৰিছে।

এনে পৰিপ্ৰেক্ষিতত মোৰ বিবেকে এটা কথা কৈ আছিল যে যদি মোৰ ভাতৃ সম্পৰ্কীয় কিবা তথ্য বিচাৰি কোনো লোকে আবেদন কৰে,তেতিয়া মানুহৰ মনত যাতে কোনো ধৰণৰ সন্দেহ আৰু সংশয় নাথাকে, তাৰ স্বাৰ্থতে মই দায়িত্বৰ পৰা অব্যাহতি লোৱা উচিত। এই কথা মই মাননীয় মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়তো কৈ ৰাখিছিলো ৷ লগতে মোৰ সহকৰ্মীসকলক কৈ থৈছিলো- এনেধৰণৰ কিবা আবেদন আহিলেই মোক যাতে লগে লগে অৱগত কৰে।”

জুবিন গাৰ্গৰ তদন্ত প্ৰক্ৰিয়াৰ কথা উল্লেখ কৰি তেওঁ লগতে লিখিছে, “ইমানদিনে তেনে আবেদন অহা নাছিল যদিও শেহতীয়াভাৱে এজন লোকে শ্যামকানু মহন্তকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানলৈ চৰকাৰে আগবঢ়োৱা পুঁজি সম্পৰ্কে জানিবলৈ বিচাৰি সংশ্লিষ্ট কৰ্তৃপক্ষলৈ এখন আবেদন কৰিছে।

আবেদনকাৰীগৰাকীয়ে মোলৈ ব্যক্তিগতভাৱেও এখন চিঠি লিখিছে আৰু তাত তেখেতে উল্লেখ কৰিছে যে মোৰ সততা আৰু স্বচ্ছতাৰ ওপৰত তেখেতৰ সম্পূৰ্ণ ভৰসা আছে। যিহেতু তেখেতে জানিবলৈ বিচৰা তথ্যসমূহৰ ভিতৰত শ্যামকানু মহন্তৰ তথ্যও থাকিব, গতিকে মই মুখ্য তথ্য আয়ুক্ত ৰূপে তেনে ধৰণৰ শুদ্ধ ভূমিকাই পালন কৰাটো তেওঁ বিচাৰে ৷

যিহেতু এই বিষয়ে ময়ো ইতিমধ্যে ভাবিয়েই থৈছিলো, গতিকে অলপো পলম নকৰি মই মুখ্য তথ্য আয়ুক্ত পদৰ পৰা অব্যাহতি বিচাৰি মহামহিম ৰাজ্যপাল ডাঙৰীয়াৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিলো।

মোক যিসকলে জানে তেওঁলোকৰ মনত নিশ্চয় এই বিষয়ে সন্দেহ নাই যে মই দায়িত্বত থাকিলেও সেই ব্যক্তিগৰাকীয়ে সম্পূৰ্ণ শুদ্ধ তথ্যই পালেহেঁতেন। তথাপি মানুহৰ মনত যাতে তিলমানো সন্দেহৰ অৱকাশ নাথাকে,তাৰ স্বাৰ্থতে মই এইদৰে দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত ল’লো।”

তেওঁ আৰু লিখিছে, “অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া হিচাপে ঘটনাবহুল এছোৱা দীঘলীয়া সময় অসম মাতৃক সেৱা আগবঢ়োৱাৰ লগতে বিগত সময়ছোৱাত মুখ্য তথ্য আয়ুক্ত হিচাপে দায়িত্ব পালনৰ সুযোগ পোৱাটো মোৰ বাবে সৌভাগ্যৰ কথা। মই মহামহিম ৰাজ্যপাল আৰু মাননীয় মুখ্যমন্ত্ৰীকে ধৰি সংশ্লিষ্ট সকলোৰে ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিলো।”

উল্লেখ্য যে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত বিগত ২০২৩ চনৰ ৫ এপ্ৰিলত ৰাজ্য চৰকাৰে ভাস্কৰজ্য়োতি মহন্তক মুখ্য তথ্য আয়ুক্ত পদত নিযুক্তি দিছিল৷

Tags: এৰিলে ভাস্কৰজ্যোতি মহন্তইৰাজ্যাৰ মুখ্য তথ্য আয়ুক্তৰ পদ
Share4Tweet3Send

Related Posts

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

by News Desk
August 1, 2026
50
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

by Staff Reporter
July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

by Staff Reporter
July 31, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

by Staff Reporter
July 31, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood I ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি, ক্ষতিগ্ৰস্ত ২ লক্ষাধিক লোক

by Staff Reporter
July 31, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
Assam

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

by Staff Reporter
July 30, 2026
50
ADVERTISEMENT
Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

August 1, 2026
50
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

August 1, 2026
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx