
মঙলবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন। এই অধিৱেশনৰ প্ৰথমটো দিনতে সদনত সৃষ্টি হয় এক ঐতিহাসিক ঘটনা। অধিৱেশনৰ পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচীৰ সলনি বিৰোধীয়ে অনা প্ৰস্তাৱত জুবিন গাৰ্গৰ (Zubeen Garg) মৃত্যুৰ গোচৰ সন্দৰ্ভত শাসক-বিৰোধী উভয়ে সদনৰ মজিয়াত আলোচনা কৰে।

ইয়াৰ পূৰ্বে বিৰোধীয়ে জুবিন মৃত্যুৰ প্ৰসংগ আলোচনাৰ বাবে সভাস্থগিত প্ৰস্তাৱ আনে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰস্তাৱ গ্ৰহণৰ বাবে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক অনুৰোধ জনায়৷ অধ্যক্ষই এই প্ৰস্তাৱত অনুমোদন জনোৱাৰ আলোচনা হয়।
এই আলোচনাত বিৰোধীয়ে তদন্ত প্ৰক্ৰিয়াত বিভিন্ন অভিযোগ আৰু দাবীৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বক্তব্য ৰাখি জুবিনৰ মৃত্যু এক পৰিকল্পিত হত্যা বুলি সদনত জনায়। লগতে জুবিন হত্যাৰ তদন্তৰ সবিশেষো আগবঢ়ায়৷
মুখ্যমন্ত্ৰীয়ে কয় যে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক ঘটনা নহয়। এইটো এটা সাধাৰণ হত্যাকাণ্ড। এজনে মাৰিছে আৰু আন কেইজনেও ইয়াত সহযোগিতা কৰিছে। আনহাতে, এই হত্যাকাণ্ডত চাৰি-পাঁচজন আছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। লগতে কয় যে চৰকাৰে জুবিনক লৈ ধেমালি কৰা নাই আৰু ৰাজনীতিও কৰা নাই।













