
চলি আছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন (Assam Assembly)। পাঁচদিনীয়া এই অধিবৱেশনৰ বুধবাৰে দ্বিতীয়টো দিন। অধিৱেশনৰ দ্বিতীয়দিনা সদনত উত্থাপন কৰা হয় ৮ খন সংশোধনী বিধেয়কসহ ১০ খন বিধেয়ক। শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিধানসভাত উত্থাপন কৰা নতুন বিধেয়ক দুখন হৈছে নেৰিম বিশ্ববিদ্যালয় বিধেয়ক, ২০২৫ আৰু আজিম প্ৰেমজী বিশ্ববিদ্যালয় বিধেয়ক, ২০২৫।

ইয়াৰ উপৰি সংশোধনী বিধেয়ককেইখন হৈছে মিচিং স্বায়ত্তশাসিত (সংশোধনী) বিধেয়ক ২০২৫, ৰাভা হাছং স্বায়ত্তশাসিত (সংশোধনী) বিধেয়ক ২০২৫, তিৱা স্বায়ত্তশাসিত (সংশোধনী) বিধেয়ক ২০২৫, দেউৰী স্বায়ত্তশাসিত (সংশোধনী) বিধেয়ক ২০২৫, সোণোৱাল কছাৰী স্বায়ত্তশাসিত (সংশোধনী) বিধেয়ক ২০২৫, ঠেঙাল কছাৰী স্বায়ত্তশাসিত (সংশোধনী) বিধেয়ক ২০২৫, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত (সংশোধনী) বিধেয়ক ২০২৫ আৰু বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান (মাচুল নিয়ন্ত্ৰণ) সংশোধনী বিধেয়ক, ২০২৫। উল্লেখ্য যে নেৰিম বিশ্ববিদ্যালয় বিধেয়ক, ২০২৫ৰ দ্বাৰা ব্যক্তিগত খণ্ডৰ নেৰিম শিক্ষা প্ৰতিষ্ঠানখনে এখন ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিব।
আনহাতে, আজিম প্ৰেমজী বিশ্ববিদ্যালয় বিধেয়ক, ২০২৫ৰ মাধ্যমেৰে ৰাজ্যত এখন বিশ্বমানৰ ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব। ইয়াৰ বাবে আজিম প্ৰেমজী ফাউণ্ডেচনে ১০০০ কোটিৰো অধিক ধন বিনিয়েগ কৰিব আৰু এই বিশ্ববিদ্যালয়ত ১০ সহস্ৰাধিক শিক্ষাৰ্থীৰ বাবে অধ্যয়নৰ সুবিধা থাকিব। বিশ্ববিদ্যালয়খন পলাশবাৰীত স্থাপন হ’ব।













