
অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ’ল এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ (Aminul Islam)। এন এছ এৰ অধীনত ছমাহতকৈয়ো বেছি দিন কাৰাবন্দী হৈ থকা ধিঙ সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ল্যায়ালয়ৰ।

যোৱা ২২ এপ্ৰিলৰ পহলগাম-কাণ্ডৰ সময়ত পাকিস্তানৰ সমৰ্থনত ৰাজহুৱা মন্তব্য কৰাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পিছৰ পৰায়ে তেওঁ নগাঁও কাৰাগাৰত বন্দী হৈ আছে।
এতিয়া বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰাত মুকলি আকাশৰ তললৈ আহিব বিভিন্ন সময়ত বিতৰ্কৰ শীৰ্ষত থকা বিধায়কগৰাকী। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় সুৰাণা আৰু সুৰেশ মজুমদাৰৰ খণ্ড বিচাৰপীঠে তেওঁৰ জামিন মঞ্জুৰ কৰে।













