
মেট্ৰিক অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব ওলোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে অসম চৰকাৰে আনিছে এক সুখবৰ। শুকুৰবাৰে মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে শুভ উদ্বোধন কৰা হয় এক জলপানি আঁচনি। আঁচনিখনৰ নাম হৈছে ‘প্ৰেৰণা’(Prerna) ।

এই আঁচনিৰ অধীনত পৰীক্ষাৰ্থীসকলে চাৰিমাহৰ বাবে মাহিলি ৩০০ টকাকৈ জলপানি লাভ কৰিব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অন্তৰ্গত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু আদৰ্শ বিদ্যালয়ৰ চি বি এছ ইৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া শিক্ষাৰ্থীসকলে এই আঁচনিৰ পৰা সুবিধা লাভ কৰিব।
শুকুৰবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে প্ৰথম কিস্তিৰ ৩০০ টকাৰ চেক বিতৰণ কৰি এই আঁচনিখনৰ শুভাৰম্ভ কৰে। অসম চৰকাৰৰ তথ্য অনুসৰি এই আঁচনিখনে ৰাজ্যৰ ৪.৪০ লাখ শিক্ষাৰ্থীক সামৰি ল’ব।
চলিত নৱেম্বৰ মাহৰ পৰাই চাৰিমাহৰ বাবে প্ৰতিমাহে ৩০০ টকাকৈ বেংক একাউণ্টযোগে শিক্ষাৰ্থীসকলে লাভ কৰিব। উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে আঁচনিখন সম্পৰ্কত ব্যাখ্যা আগবঢ়াই কয় যে প্ৰেৰণা আঁচনিখনে শিক্ষাৰ্থীসকলৰ অধ্যয়ন সামগ্ৰী, কিতাপ, পুষ্টিকৰ খাদ্য, আদি ক্ৰয় তথা পৰিবহণ ব্যয়ৰ দিশত সহায় কৰিব।













