
কিছুদিনৰ বিৰতিৰ অন্তত ৰাজ্যত পুনৰ চলিছে প্ৰশাসন তথা বন বিভাগৰ উচ্ছেদ অভিযান। এইবাৰ নগাঁৱৰ কামপুৰৰ লুটুমাৰী বনাঞ্চলৰ বিশাল এলেকাত চলে প্ৰশাসনৰ বুলড’জাৰ-এক্সকেভেটৰ।

লুটুমাৰী বনাঞ্চলৰ বেদখলীকৃত প্ৰায় ৬ হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰাৰ বাবে এই অভিযান। উল্লেখ্য য়ে ১৯১৯ চনত সংৰক্ষিত বনাঞ্চলৰ স্বীকৃতি লাভ কৰিছিল লুটুমাৰী বনাঞ্চলে। কিন্তু পৰৱৰ্তী সময়ত একাংশ লোকে এই বনাঞ্চল বেদখল কৰি বসতি স্থাপন কৰিবলৈ ধৰে।
এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি লুটুমাৰী বনাঞ্চল বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান চলে। উচ্ছেদ অভিযানৰ পূৰ্বে তিনিমাহ পূৰ্বে জাননী জাৰি কৰি তাত বসতি স্থাপন কৰা লোকসকলক আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হৈছিল। ইয়াৰ পিছত নগাঁও প্ৰশাসনে শুকুৰবাৰে অঞ্চলটোলৈ গৈ শনিবাৰৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰাৰ কথা কয় জিলা আয়ুক্ত দেৱাশীস শৰ্মাই। তাৰ পিছতে শনিবাৰৰ পৰা আৰম্ভ হয় উচ্ছেদ অভিযান।
প্ৰশাসনৰ তথ্যমতে, লুটুমাৰী বনাঞ্চলৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমিত প্ৰায় ১৫০০ পৰিয়ালে ঘৰ বান্ধি, তামোলবাৰী পাতি বসবাস কৰি আছে। আনহাতে, প্ৰশাসনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তাৰে ৭০ শতাংশ পৰিয়ালেই স্বেচ্ছাই আঁতৰি যোৱাৰ বিপৰীতে বাকী ৩০ শতাংশ পৰিয়ালৰ বাবে উচ্ছেদ অভিযান চলোৱা হৈছে। পুৱাৰে পৰা চলা এই উচ্ছেদ অভিযান সম্পূৰ্ণ হোৱাৰ পিছত তাত পুনৰ বনানিকৰণৰ পৰিকল্পনা কৰিছে জিলা প্ৰশাসনে।













