![]()
সৌৰজগতৰ মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত থাকি সূৰ্য্যক প্ৰদক্ষিণ কৰি থকা দুটাকৈ গ্ৰহাণুৰ সন্ধান উলিওৱাৰ লগতে ইয়াৰ চিনাক্তকৰণৰ বাবে ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন’লজি, মেঘালয়া(USTM)ৰ ছাত্ৰ আৰিয়ান জিছান আহমেদক আমেৰিকাৰ মহাকাশ অনুসন্ধান সংস্থা ‘নাছা’ই বিশেষ প্ৰমান পত্ৰৰে বিভূষিত কৰিছে। ৰঙিয়া চহৰৰ ৩ নং ৱাৰ্ডৰ দলৈ মূৰাৰাৰ বাসিন্দা মিৰাজুল ইছলাম আৰু ৰুমা নাজৰিণৰ সুপুত্ৰ আৰিয়ান জিছান আহমেদ ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন’লজি, মেঘালয়াৰ (USTM)ৰ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাৰ বি টেক প্ৰথম ষান্মাষিকৰ ছাত্ৰ।
বিগত বৰ্ষৰ ২৫ অক্টোবৰত নাছাৰ সহযোগত আৰম্ভ হোৱা ইন্টাৰনেছনেল এষ্ট্ৰ’নমিকেল ছাৰ্চ ক’লাবৰেশ্বন(IASC) প্ৰকল্পৰ অধীনত আৰিয়ানে হাৱাই বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ এষ্ট্ৰ’নমিৰ দ্বাৰা পৰিচালিত ‘পেন-ষ্টাৰছ্’ (Pan-STARRS: Panoramic Survey Telescope and Rapid Response System)ৰ দ্বাৰা প্ৰাপ্ত গ্ৰহাণু সম্পৰ্কীয় পৰ্যবেক্ষণমূলক তথ্যসমূহ বিশ্লেষণ কৰাৰ সুযোগ লাভ কৰিছিল। তথ্যসমূহ বিশ্লেষণৰ অন্তত আৰিয়ানে মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত থকা ‘মেইন বেল্ট এষ্ট্ৰইড’ৰ দুটা গ্ৰহাণু সফলতাপূৰ্বক সন্ধান উলিয়াবলৈ সক্ষম হয়। আই এ এছ চিয়ে(IASC) সদ্যহতে গ্ৰহাণু দুটাৰ এটাক 2024 VE8 আৰু আনটোক 2024 VC23 হিচাপে নামাকৰণ কৰিছে।
‘মেইন বেল্ট এষ্ট্ৰইড’ হৈছে মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত সূৰ্য্যক প্ৰদক্ষিণ কৰা বৃহৎ শৈলখন্ড । নাছাৰ সহযোগত চলোৱা এই অধ্যয়নে জ্যোতিৰ্বিজ্ঞানীসকলক সৌৰজগতৰ আৰম্ভণিৰ বিষয়ে বুজাত সহায় কৰাৰ লগতে মহাকাশত থকা বস্তুৰ দীৰ্ঘম্যাদী অনুসৰণ সহজ কৰি তোলে ।

আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান অনুসন্ধান সহযোগিতা (IASC) হৈছে এক বিশ্বব্যাপী গৱেষণা কাৰ্যসূচী যিয়ে নিৰ্বাচিত ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলক উচ্চ ক্ষমতাসম্পন্ন টেলিস্কোপৰ দ্বাৰা প্ৰাপ্ত জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় তথ্যসমূহ বিশ্লেষণ কৰি প্ৰকৃত গ্ৰহাণু অন্বেষণ প্ৰকল্পত অংশগ্ৰহণ কৰিবলৈ সুযোগ প্ৰদান কৰে দিয়ে। এই কাৰ্যসূচীত ভাগ লোৱা যুৱ জ্যোতিৰ্বিজ্ঞানীসকলক হাৱাই বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ এষ্ট্ৰ’নমিৰ দ্বাৰা পৰিচালিত ‘পেন-ষ্টাৰছ্’ (Pan-STARRS: Panoramic Survey Telescope and Rapid Response System)ৰ দ্বাৰা প্ৰাপ্ত গ্ৰহাণু সম্পৰ্কীয় পৰ্যবেক্ষণমূলক তথ্যসমূহ বিশ্লেষণ কৰিবলৈ দিয়া হয়।
গ্ৰহাণু(Asteroid)ৰ আৱিস্কাৰ এক জটিল আৰু দীৰ্ঘ প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়ে। গ্ৰহাণু এটা আৱিস্কাৰৰ পূৰ্বে তথ্যসমূহৰ বিশ্লেষণ পুংখানুপুংখ আৰু কেইবাটাও স্তৰৰ বৈজ্ঞানিক পৰীক্ষণ প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’ব লাগে। আৰিয়ান জিছান আহমেদে তথ্যসমূহৰ বিশ্লেষণ কৰি আগবঢ়োৱা পৰ্যালোচনাৰ প্ৰতিবেদন ‘নাছা’ই যোৱা প্ৰায় এটা বছৰ ধৰি কেইবাটাও প্ৰক্ৰিয়াৰ মাজেৰে পৰীক্ষা কৰি চাই আৰু এই সিদ্ধান্তত উপনীত হয় যে বিশ্লেষিত তথ্যৰ আধাৰ বস্তু দুটা প্ৰকৃতাৰ্থত গ্ৰহাণু, যি পূৰ্বতে আৱিস্কৃত হোৱা নাই।
যোৱা নিশা ডেৰ বজাত এই সন্দৰ্ভত ‘আই এ এছ চি’ৰ তৰফৰ পৰা ই মেইলযোগে আৰিয়ান জিছান আহমেদক তেওঁৰ সফলতাৰ বাবে শুভেচ্ছা জনোৱাৰ লগতে বিশেষ প্ৰমান পত্ৰ প্ৰদান কৰা হয়।
ইউ এছ টি এমৰ ছাত্ৰ আৰিয়ান জিছান আহমেদে হাইস্কুলীয়াৰ দিনৰ পৰাই জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় বিভিন্ন বিষয়ৰ সৈতে জড়িত থকাৰ লগতে দূৰবীণ যন্ত্ৰৰ সহায়ত গ্ৰহ-নক্ষত্ৰৰ পৰ্যবেক্ষণ অব্যাহত ৰাখিছে। মহাকাশ সম্পৰ্কীয় একাধিক গৱেষণা আৰু কাৰিকৰী পদক্ষেপৰ সৈতেও আৰিয়ান জড়িত হৈ আছে। এইসমূহৰ উপৰি আৰিয়ানে ৰঙিয়াৰ নিজ গৃহতে স্থাপন কৰিছে কৃত্ৰিম উপগ্ৰহৰ সৈতে যোগাযোগ স্থাপনৰ সামৰ্থকাৰী এক গ্ৰাউণ্ড ষ্টেচন।’টাইনি গ্ৰাউণ্ড ষ্টেচন'(Tiny GS) নামৰ এই ষ্টেচনৰ জৰিয়তে আৰিয়ানে বিগত বৰ্ষত চাৰি খন ৰাষ্ট্ৰৰ ১৭ টা ক্ষুদ্ৰ কৃত্ৰিম উপগ্ৰহৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ সম্ভৱ হৈছিল। এই ষ্টেচনটো উত্তৰ পূবৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ সৈতে যোগাযোগৰ সামৰ্থকাৰী ‘টাইনি গ্ৰাউণ্ড ষ্টেচন’ হিচাপে স্বীকৃতি লাভ কৰিছিল। ‘বায়ুবাণী'(VayuVani) নামৰ দেশীয় কৃত্ৰিম উপগ্ৰহ যোগাযোগকাৰী সংস্থা এটাৰ সৈতেও আৰিয়ান জড়িত। ভাৰতীয় মহাকাশ সংস্থা ‘ইছৰো’ৰ সহযোগিতাত সম্পন্ন হোৱা ৰকেট প্ৰপালচন আৰু মহাকাশ গতিবিদ্যাৰ এক শৈক্ষিক পাঠ্যক্ৰমো সফলতাৰে সম্পূৰ্ণ কৰিছে আৰিয়ানে।












