ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Guwahati terminal : প্ৰধানমন্ত্ৰী মোদীৰ গুৱাহাটী বিমানবন্দৰৰ টাৰ্মিনেল উদ্বোধন, শক্তিশালী হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ বিমান সংযোগ

নিউজ ডেস্কঃ

ASSAM TIMES POST by ASSAM TIMES POST
December 20, 2025
Reading Time: 1 min read
A A
0
Guwahati terminal : প্ৰধানমন্ত্ৰী মোদীৰ গুৱাহাটী বিমানবন্দৰৰ টাৰ্মিনেল উদ্বোধন, শক্তিশালী হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ বিমান সংযোগ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

অসমৰ আন্তঃগাঁথনি উন্নয়নৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে ভাৰতৰ বিমান, বাণিজ্য আৰু পৰ্যটন ব্যৱস্থাত উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰমবৰ্ধমান ভূমিকাক শক্তিশালী কৰি তুলিব পৰাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেলটো উদ্বোধন কৰে।

প্ৰধানমন্ত্ৰী মোদীৰ গুৱাহাটী বিমানবন্দৰৰ টাৰ্মিনেল উদ্বোধন, শক্তিশালী হ'ল উত্তৰ-পূৰ্বাঞ্চলৰ বিমান সংযোগ
প্ৰধানমন্ত্ৰী মোদীৰ গুৱাহাটী বিমানবন্দৰৰ টাৰ্মিনেল উদ্বোধন, শক্তিশালী হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ বিমান সংযোগ

অঞ্চলটোৰ স্থানীয় সংস্কৃতি আৰু জীৱনশৈলীক প্ৰতিফলিত কৰা এই অত্যাধুনিক টাৰ্মিনেলটোৱে উন্নত প্ৰযুক্তি, বহনক্ষমতা আৰু স্বকীয় পৰিচয়ৰ মাধ্যমৰে যাত্ৰীসকলক অনন্য আৰু আৰামদায়ক অভিজ্ঞতা প্ৰদান কৰিব।

অসমীয়াৰ আপোন কপৌফুলৰ (ফক্সটেইল অৰ্কিড) লগতে থলুৱা ভলুকা বাঁহ আৰু অৰুণাচল প্ৰদেশৰ আপাতানি বাঁহৰ আৰ্হিৰে প্ৰস্তুত কৰা “দা বেম্বো অৰ্কিডছ (The Bamboo Orchids)” নামেৰে নামাকৰণ কৰা এই টাৰ্মিনেলটোৱে উত্তৰ পূৰ্বাঞ্চলৰ সমৃদ্ধিশালী পৰিৱেশ আৰু সাংস্কৃতিক প্ৰতিফলিত কৰে।

IMG 0420 1 | ASSAM TIMES POSTজাৰ্মানীৰ মিউনিখৰ পৰা অহা বিশেষজ্ঞৰ এটি দলৰ সহযোগত বিস্তৃত পৰিকল্পনাৰ মাধ্যমৰে বিমানবন্দৰটোৰ কামকাজ নতুনকৈ সাজি উলিওৱা টাৰ্মিনেলটোলৈ স্থানান্তৰ কৰিবলৈ লোৱা হৈছে। ইয়াৰ ফলত গুৱাহাটী মহানগৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্য – অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিকিমত সিঁচৰতি হৈ থকা পৰ্যটনৰ স্থানসমূহৰ লগত সংযোগ বৃদ্ধি কৰি যাত্ৰী আৰু সামগ্ৰী পৰিবহনৰ 

কেন্দ্ৰ হিচাপে স্থান লাভ কৰিব।নতুন টাৰ্মিনেলটোৱে অঞ্চলটোৰ মনোমোহা চাহ বাগিচা, সংৰক্ষিত বনাঞ্চল, নদী দ্বীপ, জীৱিত শিপাৰ দলং, পাহাৰীয়া পৰ্যটনস্থলসমূহ আৰু ওচৰ চপাই আনিব।

ডিজিযাত্ৰাৰ সুবিধা, স্মাৰ্ট চেকইন ব্যৱস্থা আৰু প্ৰাকৃতিক আলোকৰে উদ্ভাসিত এই টাৰ্মিনেলটোক বছৰি ১ কোটি ৩১ লাখ যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ সাজু কৰা হৈছে, যাৰ ফলত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় সংযোগৰ ক্ষমতা যথেষ্ট বৃদ্ধি পাইছে। যোৱা ২০২৪–২৫ বিত্তীয় বৰ্ষটোত গুৱাহাটী বিমানবন্দৰে ৬৫ লাখ যাত্ৰীক সেৱা আগবঢ়াইছিল, যাৰ পৰা অঞ্চলটোৰ বিমান পৰিবহনৰ চাহিদা বৃদ্ধিৰ আভাস পোৱা যায়।

গুৱাহাটীৰ বিমান পৰিবহন ব্যৱস্থাটোক দীৰ্ঘম্যাদী ৰূপত শক্তিশালী কৰি ৰখাৰ বাবে আৱশ্যকীয় Maintenance, Repair and Overhaul (MRO) প্ৰক্ৰিয়াৰ বাবে আবণ্টিত ১০০০ কোটি টকাকে ধৰি সামগ্ৰিকভাৱে বিমানবন্দৰ উন্নয়নত ৫,০০০ কোটি টকাৰ বিনিয়োগ হৈছে। ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় মালবাহী পৰিবহন ব্যৱস্থাটোক অধিক কাৰ্য্যক্ষম কৰাৰ লগতে আঞ্চলিক যোগান শৃংখল (supply chain) অধিক শক্তিশালী কৰা আৰু অৰ্থনৈতিক উন্নয়ন ত্বৰাণ্বিত কৰাৰ লক্ষ্যও ৰখা হৈছে ভৱিষ্যতৰ পৰিকল্পনাত।

অনাগত ভৱিষ্যতৰ বাবে সাজু হোৱাকৈ আন্তঃগাঁথনি নিৰ্মাণৰ ওপৰত আৰোপ কৰা গুৰুত্বৰ প্ৰতিফলন হৈছে এই নৱনিৰ্মিত টাৰ্মিনেলৰ উদ্বোধনত।এই টাৰ্মিনেলটোত সামৰ্থ্যৰ সম্প্ৰসাৰণ হৈছে অত্যাধুনিক প্ৰযুক্তি আৰু স্থানীয় পৰিচয়ৰ অপূৰ্ব সংমিশ্ৰণৰ দ্বাৰা।

এই টাৰ্মিনেলে ভাৰত চৰকাৰৰ এক্ট ইষ্ট নীতিক আগবঢ়াই নিয়াৰ লগতে দক্ষিণ-পূৱ এছিয়াৰ দেশ সমূহৰ বজাৰৰ সৈতে সংযোগ স্থাপন কৰাৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰীৰ ভূমিকাক সবল কৰি তুলিব।ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত  বাৰ্তা প্ৰেৰণ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ উৎসৱৰ সৈতে সংগতি ৰাখি এই বিমান বন্দৰটো উদ্ধোধন কৰা হয় বুলি উল্লেখ কৰে । তেওঁ লগতে কয় যে এক্ট ইষ্ট পলিচিৰ অধীনত অসম পূৰ্বোত্তৰ ভাৰতৰ দুৱাৰমুখলৈ ৰূপান্তৰিত হৈছে। দেশে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দিশে ধাৱমান হোৱাৰ সময়ত অসমে বাঁহ ভিত্তিক টাৰ্মিনেল নিৰ্মান কৰি নিজৰ শক্তি আৰু বহনক্ষম স্থিতি প্ৰদৰ্শন কৰি সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।

নিজ ভাষণ প্ৰসঙ্গত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ উন্নয়নৰ ধাৰাৰ প্ৰতি লক্ষ্য ৰাখি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ২০৩২ চনৰ পৰিবৰ্তে ২০২৮ চনৰ ভিতৰতে দ্বিতীয়টো টাৰ্মিনেলৰ প্ৰয়োজন হব।

তেওঁ লগতে নতুন বিমান বন্দৰটো কপৌফুল আৰ্হিৰ আৰু ইয়াক নিৰ্মাণ কৰিবলৈ অসমৰ প্ৰাকৃতিক ভাবে আহৰণ কৰা ১৪০ মেট্ৰিক টন বাঁহৰ প্ৰয়োজন হৈছে বুলি উল্লেখ কৰে।আদানী বিমানবন্দৰ হোল্ডিংছ লিমিটেডৰ (AAHL) নেতৃত্বত গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেডে এই প্ৰকল্পটো সম্পন্ন কৰিছে।আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত জটিল হিচাপে বিবেচিত বিমান পৰিবহন প্ৰকল্পত আদানী গ্ৰুপে প্ৰদৰ্শন কৰা কাৰিকৰী প্ৰস্তুতি, উৎকৃষ্ট কৌশল আৰু সময়ানুবৰ্তী কাৰ্য সম্পাদনৰ ক্ষমতাক প্ৰতিফলিত কৰিছে এই টাৰ্মিনেলটোৱে।

 এই উপলক্ষে মন্তব্য প্ৰদান কৰি আদানী গোটৰ অধ্যক্ষ গৌতম আদানীয়ে কয়, “গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেলে আঞ্চলিক আৰু ঔদ্যোগিক উন্নয়নৰ অনুঘটক হিচাপে কাম কৰিব, যাৰ ফলত পৰ্যটনৰ সম্ভাৱনা বৃদ্ধিৰ বাহিৰেও অৰ্থনৈতিক বিকাশৰ দুৱাৰ হিচাপে গুৱাহাটীৰ ভূমিকাক শক্তিশালী কৰিব। বৰ্ধিত সংযোগে ব্যৱসায়-বাণিজ্যক সবল কৰিব, অধিক বিনিয়োগ আনিব আৰু স্থানীয় ৰাইজৰ বাবে অৰ্থনৈতিক সুযোগ সৃষ্টি কৰিব।‘বাঁহ অৰ্কিড’ৰ আৰ্হিৰে প্ৰস্তুত কৰা এই টাৰ্মিনেলটোৱে আধুনিক প্ৰযুক্তি, বহনক্ষমতা আৰু যাত্ৰীৰ আৰামক গুৰুত্ব প্ৰদান কৰাৰ সমান্তৰালভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক পৰিচয়ক প্ৰতিফলিত কৰিছে। ভৱিষ্যতে আৱশ্যক হ’ব পৰা আন্তঃগাঁথনিৰ প্ৰতি দৃষ্টি ৰাখি সাজু কৰি তোলা হৈছে এই টাৰ্মিনেলটোক।”

কেইবাখনো বৃহৎ মহানগৰীত ৰূপায়ণ কৰা গুৰুত্বপূৰ্ণ প্ৰকল্প সমূহৰ জৰিয়তে আদানী বিমানবন্দৰ হোল্ডিংছ লিমিটেডে পৰিবহন ক্ষমতা সম্প্ৰসাৰণৰ বাবে লোৱা পদক্ষেপৰে অংশ হৈছে গুৱাহাটী বিমানবন্দৰৰ টাৰ্মিনেলটোৰ উদ্বোধন।ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৱৰ সংযোগক সবল কৰাৰ বাবে গুৱাহাটীৰ নতুন টাৰ্মিনেলটোৰ আৰ্হি উন্মোচন কৰিছিল।

দেশৰ সৰ্ববৃহৎ গ্ৰীণফিল্ড বিমান প্ৰকল্পৰ ভিতৰত অন্যতম আৰু ৮ অক্টোবৰত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা নাৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ (NMIA) নিয়মীয়া যাতায়ত সেৱা ২৫ ডিচেম্বৰৰ পৰা আৰম্ভ কৰাৰ কথা।সফলতাৰ এই মাইলৰ খুঁটিসমূহে ভাৰতৰ বিমান আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ আৰু উন্নয়নক একেলগে প্ৰতিফলিত কৰে।

নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত জটিল আৰু বৃহৎ পৰিসৰৰ বিমানবন্দৰ প্ৰকল্পসমূহ সম্পুৰ্ণ কৰাৰ ক্ষেত্ৰত আদানী গ্ৰুপৰ অভিজ্ঞতা আৰু ক্ষমতাৰো পৰিচায়ক এই টাৰ্মিনেলটো নতুন টাৰ্মিনেলটো উদ্বোধন হৈ কাৰ্য্যক্ষম হোৱাৰ লগে লগে উত্তৰ পূৱে কেৱল বৰ্ধিত পৰিবহন ক্ষমতাই নহয়, বিশ্বমানৰ বিমানবন্দৰৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ’ব। আঞ্চলিক পৰিচয়ক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পৰিবহনৰ সৈতে একাত্ম কৰাৰ ক্ষেত্ৰত গুৱাহাটী বিমানবন্দৰৰ এই নতুন টাৰ্মিনেল এক মুল্যবান সম্পদ হিচাপে বিবেচিত হ’ব।

Tags: প্ৰধানমন্ত্ৰী মোদীৰ গুৱাহাটী বিমানবন্দৰৰ টাৰ্মিনেল উদ্বোধনশক্তিশালী হ'ল উত্তৰ-পূৰ্বাঞ্চলৰ বিমান সংযোগ
Share4Tweet3Send

Related Posts

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
ADVERTISEMENT
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
50
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx