
এতিয়াও উত্তপ্ত হৈ আছে পশ্চিম কাৰ্বি আংলং (West Karbi Anglong)জিলা। মঙলবাৰৰ দিনটোত সংঘটিত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ সংহঘৰ্ষত নিহত দুজন কাৰ্বি প্ৰতিবাদকাৰী। এই কথা নিশ্চিত কৰিছে অসম আৰক্ষীয়ে। লগতে মুখ্যমন্ত্ৰী তথা ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা ডঃ হিমন্ত বিশ্ব শৰ্মায়ো ইয়াৰ উল্লেখ কৰিছে।

মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত এই বিষয়ে লিখিছে, “পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতিৰ ওপৰত আমি তীক্ষ্ণভাৱে নজৰ ৰাখি আছোঁ। আজিৰ অশান্ত পৰিস্থিতিত দুজন লোকৰ প্ৰাণ হেৰুওৱা ঘটনাটো অতি দুখজনক৷ শান্তি-শৃংখলা বজাই ৰাখিবলৈ খেৰণীত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হ’ব। স্বাভাৱিক অৱস্থা ঘূৰাই অনা আৰু আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ বাবে আমি সংশ্লিষ্ট সকলোৰে সৈতে নিৰন্তৰ যোগাযোগত আছোঁ।”
তেওঁ লগতে লিখিছে, “নিহতসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। চৰকাৰে ক্ষতিগ্ৰস্ত সকলো পৰিয়ালৰ সৈতে থিয় দিব আৰু প্ৰয়োজনীয় সকলো সহায় আগবঢ়াব।”
উল্লেখযোগ্য যে ইতিমধ্যে সমগ্ৰ খেৰণীত বিদ্যুৎ সংযোগ ব্যাহত হৈছে। আনহাতে, অসম আৰক্ষীৰ ডিজিপিয়ে জনোৱা মতে, এতিয়ালৈকে ৩৮ গৰাকী আৰক্ষীৰ লোক আহত হৈছে।
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত আৰক্ষীৰ গুলীত নিহত দুজনৰ ভিতৰত এজন হৈছে আফিক তিমুং।আনহাতে প্ৰতিবাদকাৰীৰ অগ্নিসংযোগত এজন জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয়/ যুৱক জনৰ নাম সুৰেচ দে (২৫) বুলি জানিব পৰা গৈছে।যুৱক জন বিশেষ ভাৱে সক্ষম বুলিও জানিব পৰা গৈছে।













