
বোকাজান মহকুমাৰ অন্তৰ্গত খটখটী এছ বি আই নাকা তালাচীত নিষিদ্ধ পপিষ্ট্ৰ” উদ্ধাৰ কৰে খটখটী আৰক্ষীয়ে । খটখটী আৰক্ষীৰ সুত্ৰে জানিব পৰা মতে নাকা তালাচী কালত ডিমাপুৰ দিশৰ পৰা বোকাজান দিশে গৈ থকা পঞ্জীয়ন নং HR -AA-0555 এখন ট্ৰাক তালাচী কৰাত ট্ৰাক খনৰ পৰা প্ৰায় ৫ টা পেলাষ্টিকৰ পেকেটৰ পৰা ১’কেজি ৪ চাৰিশ ২৫ গ্ৰাম নিষিদ্ধ পপিষ্ট্ৰ উদ্ধাৰ কৰে খটখটী আৰক্ষীয়ে ।

খটখটী আৰক্ষীয়ে দুই জনক আটক কৰিছে ক্ৰমে উত্তৰ প্ৰদেশৰ পিলিবিট নাওঁগনৰ , বালকৰ শিংৰ পুত্ৰ মঞ্জিত শিং আনজন হৈছে জম্মু কাশমিৰ ছেৰাইছ পুৰা দেৱানঘৰৰ মিখি ৰামৰ পুত্ৰ কৃষ্ণা লাল এই দুই জনক আটক কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । খটখটী থানাৰ অচি সূৰ্য কুমাৰ বৰা নেতৃত্বত উপপৰিদৰ্শক দেৱাসীস বৰা জীৱন শইকীয়া থানা ষ্টাপৰ সহযোগত চলিছিল এই নাকা তালাচী ।













