শিৱসাগৰঃ অ’ এন জি চি সদৌ ভাৰত অনুসূচিত জাতি আৰু জনজাতি কর্মচাৰী কল্যাণ সমিতিৰ উদ্যোগত আজি শিৱসাগৰস্থিত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অফিচার্চ ক্লাবত বিভিন্ন প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ বিতৰণৰ এক অনুষ্ঠান অনুস্থিত হৈ যায়। সদৌ ভাৰত অনুসূচিত জাতি আৰু জনজাতিৰ সংযোজিত ধনৰাশিৰ অধীনত ৭০ টা মহিলা আত্মসহায়ক গোটক বিভিন্ন প্রশিক্ষন যেনে সৌন্দৰ্য চৰ্চা, কম্পিউটাৰ, কাটিং আৰু টে্ইলাৰিংৰ প্রশিক্ষণ দিয়ে।
উক্ত প্রশিক্ষণৰ অন্তত আজি অনুষ্ঠিত হোৱা প্ৰমাণপত্ৰ বিতৰণ অনুস্থানত ড° বি আৰ আম্বেদকাৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে অনুস্থানৰ উদ্বোধন কৰে অ’ এন জি চিৰ কাৰ্যবাহী সঞ্চালক এছ ডি মাস্কে৷ অনুষ্ঠানত উপস্থিত থাকে সদৌ ভাৰত অনুসূচিত জাতি জনজাতি সমিতিৰ উপাধ্যক্ষ দেৱী ৰাম পাংগিং, আৰ ভি পি ৰাজীৱ দেউৰী, বীৰেন দাসসহ বহুকেইজন ব্যক্তি।
অনুষ্ঠানটোৰ আঁত ধৰে সদৌ ভাৰত অনুসূচিত জাতি জনজাতি সমিতিৰ সম্পাদিক জগত হাজৰিকাই। উক্ত প্রশিক্ষণত ১১০ গৰাকী মহিলাৰ ভিতৰত কাটিং বিভাগৰ ৫০ গৰাকী, ৩০ গৰাকী কম্পিউটাৰ আৰু সৌন্দৰ্য চৰ্চাৰ ৩০ গৰাকী প্রশিক্ষার্থীক মানপ্রত্র বিতৰণ কৰা হয়।