
পশ্চিম কাৰ্বি আংলং জিলাৰ খেলাংপীত ৭ ডিচেম্বৰৰ পৰা পি জি আৰ-ভি জি আৰ ভূমিত বেদেখল উচ্ছেদৰ দাবীত আমৰণ অনশনত বহা আন্দোলনকাৰী নেতৃত্বৰ লগত শুকুৰবাৰে দিছপুৰত মুখ্যমন্ত্রী ডঃ বিসন্ত বিশ্ব শর্মা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ অমৰছিং তিচ’, পৰিষদৰ প্রধান সচিব মুকুল কুমাৰ শইকীয়া আৰু আন্দোলনকাৰী সংগঠনসমূহৰ নেতৃত্বৰ মাজত ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত হয়।

এই ত্রিপাক্ষিক বৈঠকৰ পিছত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত আলোচনাৰ সিদ্ধান্তসমূহ প্ৰকাশ কৰে। একেদৰে আমৰণ অনশন কৰা কাৰ্বি ছাত্র সন্থাৰ নেতা লিটচন ৰংফাৰেও গুৱাহাটীত সংবাদ মাধ্যমক সম্বোধন কৰে। শুকুৰবাৰে সন্ধিয়া ত্রিপাক্ষিক বৈঠকত অংশগ্রহণ কৰা আৰু ৭ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ আন্দোলনটোক নেতৃত্ব দিয়া অন্যতম নেতা কাৰ্বি ছাত্ৰ সন্থাৰ প্রাক্তন সভাপতি হাৰছিং ইংলেং, ৰবীন্দ্র ৰংপি, ছয় ৰংপি প্রমুখো নেতাসকলে কার্বি আংলং জিলা প্রেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে।
তেওঁলোকে ত্রিপাক্ষিক বৈঠক সফল হোৱা বুলি কোৱাৰ লগতে প্রতিশ্রুতি অনুসৰি প্রস্তাৱসমূহ কার্যকৰী কৰিলেহে প্রকৃততে আলোচনা ফলপ্রসু হোৱা বুলি অধিক আত্মবিশ্বাসেৰে ক’ব পৰা যাব বুলি কয়। নেতাসকলে কয় যে ২২ ডিচেম্বৰৰ পৰা সংঘটিত যি পৰিস্থিতি সেই দুদিনত সদৌ অসম ছাত্র সন্থাকে ধৰি অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো জাতীয় দল-সংগঠনে আৰু ব্যক্তিবিশেষে যিদৰে কাৰ্বি জনতাৰ হৈ মাত মতাৰ লগতে কাষত থিয় দিলে তাৰ বাবে আমি সকলো জাতীয় সংগঠনৰ ওচৰত কৃতজ্ঞ।
আন্দোলনকাৰী নেতাসকলে কয় যে শুকুৰবাৰৰ আলোচনাৰ প্রস্তাৱ অনুসৰি ২৯ তাৰিখে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ লগত আন্দোলনকাৰী পক্ষৰ এক আলোচনা সম্পন্ন হ’ব আৰু তাতেই উক্ত বৈঠকৰ সিদ্ধান্তসমূহ কার্যকৰী কৰাৰ বাবে পৰিকল্পনা কৰা হ’ব। একেদৰে ১৭ জানুৱাৰীত অসম চৰকাৰ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু আন্দোলনকাৰীসকলৰ মাজত দ্বিতীয়লানি ত্রিপাক্ষিক বৈঠক সম্পন্ন হ’ব।
শুকুৰবাৰৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি খেৰণিৰ পি জি আৰ ভূমিৰ মুকলি এলেকাত ফেন্সিং দিয়াৰ কাম ১৫ দিনৰ ভিতৰত পৰিষদে আৰম্ভ কৰিব লাগিব। লগতে বকলীয়াঘাটৰ জলসিঞ্চন বিভাগৰ ভূমি আৰু খেৰণিৰ পি জি আৰ ভূমিৰ বেদখলো ১৫ দিনৰ ভিতৰত পৰিষদে উচ্ছেদ কৰিব লাগিব। ৫ জানুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ত পবিষদৰ লগতে আন্দোলনকাৰী পক্ষয়ো শপতনামা দাখিল কৰিব।
কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে ১৫ দিনৰ ভিতৰত ১৯৫১ চনৰ তথ্য দাখিল কৰিব নোৱাৰা ব্যৱসায়ী প্রতিষ্ঠানসমূহৰ ব্যৱসায়িক অনুজ্ঞাপত্র বাতিল কৰাৰ যি সিদ্ধান্ত ত্রিপাক্ষিক বৈঠকত লোৱা হৈছিল তাক পৰিষদে কাৰ্যকৰী কৰিব বুলি আন্দোলনকাৰী নেতৃত্বই আশা প্রকাশ কৰে। সাংবাদিকে হাওৰাঘাটৰ ভি জি আৰ ভূমিতো উচ্ছেদ চলিব নেকি বুলি জানিব বিচৰাত আন্দোলনকাৰী নেতৃত্বই কয় যে হাওৰাঘাটতো ভি জি আৰ ভূমিত ফেন্সিং দিয়া হ’ব।
উচ্ছেদ বা অন্য প্রসংগসমূহ যিসকল নেতাই চোৱা-চিতা কৰি আছে তেওঁলোক আজি অনুপস্থিত থকাত সেই বিষয়ে তেওঁলোকে অধিক কথা কোৱাৰ পৰা বিৰত থাকে। তেওঁলোকে কয় যে মুখ্যমন্ত্রী পর্যায়ত হোৱা বৈঠকৰ সিদ্ধান্ত নির্দিষ্ট সময়ত কার্যকৰী কৰাটো ৰাজ্য চৰকাৰ আৰু পৰিষদৰ দায়িত্ব। সেয়ে তেওঁলোকে আশা প্রকাশ কৰি কয়, “আমি আশাবাদী চৰকাৰে দিয়া প্রতিশ্রুতি আখৰে আখৰে পালন কৰিব।” আন্দোলনৰ মূল নেতা লিটচন ৰফোৰ আৰু আংতং ইংতি কাথাৰ শাৰীৰিক অসুস্থতাৰ বাবে আজিৰ সংবাদমেলত উপস্থিত থাকিব নোৱাৰিলে বুলি তেওঁলোকে মন্তব্য কৰে।













