
আজি সন্ধিয়া বোকাজান মহকুমাৰ অন্তৰ্গত খটখটী এছ বি আই বেংকৰ কাষত নাকা তালাচীত খটখটী আৰক্ষীয়ে পঞ্জীয়ন নং NL -01 -AG – 7659 নম্বৰৰ কণ্টেইনাৰ পৰা প্ৰায় ৪০ কাৰ্টুন ৱিন বাৰ্মিজ চিগাৰেট (Burmese Cigarette Sized) জব্দ কৰে ।

আৰক্ষীৰ সুত্ৰে জানিব পৰা মতে কণ্টেইনাৰ খন ইম্ফালৰ পৰা পাটনা দিশে গৈ থকা অৱস্থাত খটখটী নাকাতালাচীত তালাচী কালত কণ্টেইনাৰ গোপন চেম্বাৰৰ পৰা ৪০ কাৰ্টুন বাৰ্মিজ চিগাৰেট জব্দ কৰে আৰু এজনক আটক কৰে । আহমেদাবাদৰ মালথান নিমগাওঁডেকু মুৰলিধৰ মান পুত্ৰ ৰমেছ মুৰলিধৰক আটক কৰি খটখটী আৰক্ষী তদন্ত অব্যাহত ৰাখিছে ।
খটখটী অচি সৃৰ্য কুমাৰ বৰাৰ নেতৃত্বত উপ পৰিদৰ্শক গোবিন কাকতী দেৱাসিস বৰা জীৱন শইকীয়া আৰু থানা ষ্টাপৰ সহযোগত প্ৰায় ৪০ লকক্ষ্যাধিক টকা বাৰ্মিজ চিগাৰেট জব্দ কৰা হয় ।













