![]()
সোমবাৰে গুৱাহাটীত সৃষ্টি হয় আন এক অভিলেখ। কেৱল উত্তৰ-পূৰ্বঞ্চলৰে নহয়ে পূব ভাৰতৰ সৰ্ববৃহৎ প্ৰেক্ষাগৃহটো মুকলি (Theatre is open) কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। সোমবাৰে সন্ধিয়া এই অত্যাধুনিক তথা ৫ হাচাৰ আসনবিশিষ্ট ‘জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ’টো (Jyoti Bishnu Auditorium) মুকলি কৰে গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah)। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি কেইবাগৰাকীও মন্ত্ৰী-বিধায়ক তথা বিজেপিৰ নেতা আৰু অন্যান্য বিষয়া আৰু সন্মানীয় ব্যক্তিসকল।

উল্লেখ্য যে অসমৰ সাংস্কৃতিক নৱজাগৰণত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অৱদানক সন্মান জনাই গুৱাহাটীৰ মাজমজিয়াত কৃষি বিভাগৰ কাৰ্যালয়ৰ সমীপত এই বিশাল আৰু অত্যাধুনিক সুদৃশ্য প্ৰেক্ষাগৃহটো নিৰ্মাণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ অৰ্থসাহায্যত নিৰ্মাণ কৰা হৈছে ৫ হাজাৰ আসনযুক্ত এই প্ৰেক্ষাগৃহটো।

প্ৰেক্ষাগৃহটোত থকা সুবিধাসমূহৰ ভিতৰত আছে বহু খলপীয়া এই পাৰ্কিঙত ৪৫০ খন গাড়ী ৰাখিব পৰা ব্যৱস্থা। আনহাতে, প্ৰেক্ষাগৃহটোৰ বাহিৰত ৯ হাজাৰ বৰ্গমিটাৰৰ এখন বাগিচা আছে। এই বাগিচাত মিউজিকেল ফাউণ্টেইন, ফুড ক’ৰ্ট আদিও আছে। মিউজিকেল ফাউণ্টেইনত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত অহৰ্নিশে বাজি থাকিব। ইয়াৰ উপৰি প্ৰেক্ষাগৃহটোৰ দুয়োফালে জ্যেতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাৰ প্ৰতিমূৰ্তি আছে। প্ৰেক্ষাগৃহটোত থকা এখন আটকধুনীয়া ভিডিঅ’ স্কীনত বিভিন্ন অনুষ্ঠান প্ৰদৰ্শনৰ ব্যৱস্থা আছে।
আনহাতে, প্ৰেক্ষাগৃহৰ ভিতৰত এশিঙীয়া গঁড় থকাৰ বিপৰীতে বাহিৰত ৰখা হৈছে অসমৰ আপুৰুগীয়া বাদ্যযন্ত্ৰ। এই বাদ্যবোৰৰ সুৰ শুনিব পৰা ব্যৱস্থাও আছে। ১১ হাজাৰ বৰ্গমিটাৰ পৰিসৰৰ কলা মন্দিৰটোত অত্যাধুনিক দৃশ্য-শ্ৰাব্য ব্যৱস্থা, মঞ্চত এক লাখ ৱাটৰ প্ৰফেছ’নেল ছাউণ্ড ছিষ্টেম, সৰু কনভেনচন চেণ্টাৰৰ উপৰি প্ৰেক্ষাগৃহৰ ভিতৰত অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰাৰো ব্যৱস্থা আছে। লগতে আছে এটা অতিথিশালা। আনহাতে, প্ৰেক্ষাগৃহটোত বিদ্যুতৰ সলনি সৌৰশক্তি ব্যৱহাৰ হ’ব।

প্ৰেক্ষাগৃহটো মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয়, “মাননীয় কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰীঅমিত শ্বাহ ডাঙৰীয়াই আজি গুৱাহাটীৰ খানাপাৰাত নিৰ্মিত আৰু মহান শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৱিত্ৰ স্মৃতিত উৎসৰ্গিত জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ উদ্বোধন কৰাৰ বিশেষ মুহূৰ্তত উপস্থিত থাকি গৌৰৱ অনুভৱ কৰিছোঁ৷ সমগ্ৰ পূব ভাৰতৰ ভিতৰতে অন্যতম বৃহৎ ৫,০০০ আসনবিশিষ্ট এই আন্তৰ্জাতিক প্ৰেক্ষাগৃহটো প্ৰায় ২৯১ কোটি টকাৰে নিৰ্মাণ কৰা হৈছে৷”
তেওঁ লগতে কয়, “এই অনুষ্ঠানতে মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক চৰকাৰৰ সহায়ত জন্মগত হৃদৰোগত সুস্থ হোৱা ১,০০০টি শিশুৱে অভিবাদন জ্ঞাপন কৰা ক্ষণৰ সাক্ষী হৈ ৰওঁ৷ উল্লেখ্য যে বিগত ১৫টা বছৰত অসমৰ জন্মগত হৃদৰোগ কাৰ্যক্ৰমৰ জৰিয়তে ১৩,০০০তকৈ অধিক শিশুক নতুন জীৱন প্ৰদান কৰা হৈছে৷”













