ASSAM TIMES POST
উৎপল দাসঃ গোলাঘাটঃ অসমীয়া বোলছবি জগত ২০১৯ বৰ্ষ যিদৰে আশাব্যঞ্জক আছিল সেই দৰে ২০২০ বৰ্ষ ও আশাপ্ৰদ হব বুলি আশা কৰিব পাৰি । কিয়নো চলিত বৰ্ষটো অসমৰ চলচ্চিত্ৰ উদ্যোগে উপভোগ্য চলচ্চিত্ৰ দৰ্শকক উপহাৰ দিবলৈ সাজু হৈছে ।
অসমৰ বোলছবি জগতৰ বৰ্তমানৰ কনিষ্ঠ পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰা সুব্ৰত কাকতিৰ পৰিচালনা আৰু চিত্ৰনাট্যৰে নিৰ্মাণ কৰি থকা ‘ ৰঘুপতি ” চিত্ৰ গ্ৰহণ পূৰ্ণগতিত চলি আছে । তৃষ্ণা মোচন পিকচা্ৰ্ছৰ বেনাৰে নিৰ্মাণ কৰা বোলছবি খনৰ প্ৰযোজক সৰোজ শৰ্মা ।
অভিনেতা ৰবি শৰ্মাৰ কাহিনীৰে”ৰঘুপতিৰ ” চিত্ৰগ্ৰহণৰ কাম গোলাঘাট নগৰৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত চিত্ৰ গ্ৰহণৰ কাম সমাপ্ত হোৱাৰ পিছত গুৱাহাটী ,বঙাইগাঁও , নলবাৰীত চিত্ৰ গ্ৰহণ পূৰ্ণ গতিত চলি আছে । বোলছবি খনত ৰবি শৰ্মা , অৰুন নাথ , ৰীনা বৰা ,মাধুৰিমা চৌধৰী ,সিদ্বাৰ্থ মুখাৰ্জী , প্ৰীতি কংকনা , সিদ্বাৰ্থ শৰ্মা , অৰুন হাজৰিকা , মনজিৎ শৰ্মা , প্ৰিয়ম পল্লবী , সীমা বৰা , ৰাজ শৰ্মা , অন্তৰীক্ষ চহৰীয়া , মৃদুল কাকতি , বনশ্ৰী কাকতি , জ্যেষ্ঠ অভিনেতা হৰিপ্ৰসাদ বৰঠাকুৰ আৰু পৰান বৰঠাকুৰকে ধৰি নাট্য আৰু কথাছবি জগতৰ বহু ন পুৰনি অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে ।
চিত্ৰগ্ৰহণ পবিত্ৰ দৈমাৰীৰ৷ সংগীত পৰিচালনা প্ৰনয় দত্ত আৰু আব্দুছ চাত্তাৰ আৰু চিনেমেটগ্ৰাফাৰ অৰ্ণব হাজৰিকাৰ । ৰূপসজ্জা বিজেয়তা পাটগিৰি , প্ৰযোজনা নিয়ন্তক মনোজ মিশ্ৰ , সহযোগী পৰিচালক হেমন্ত গগৈ , সহকাৰী পৰিচালক নিতু খনিকৰ আৰু জ্যোতিস্মান চেতীয়াৰ।সাজসজ্জাত জুৰি কলিতা আৰু বোলছবি খনৰ বানিজ্যিক নিয়ন্ত্ৰণত আছে শুভ্ৰজ্যোতি হাজৰিকা ।
কথাছবি খনৰ একচন পৰিচালনাৰ বাবে হায়দৰাবাদৰ এটি বিশেষ দল দুই এদিনতে গুৱাহাটী পাবহি । এক সম্পূৰ্ণ পৃথক চিন্তাশৈলী আৰু ব্যয়বহুল প্ৰযোজনাৰে অসমীয়া চলচ্চিত্ৰ জগতত নৱতম সংযোজন হবলগীয়া ” ৰঘুপতি” নিশ্চতৰূপে চলচ্চিত্ৰপ্ৰেমী সকলৰ মাজত আলোড়নৰ সৃষ্টি কৰিব আশা কৰিব পাৰি৷













