ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত : সন্ত্রাসবাদ নিপাত যাঁওক, ভাৰতীয় সৈন্য অমৰ হওক ধ্বনিৰে আজি ১৪ ফ্রেব্ৰুৱাৰীৰ সন্ধিয়া ৰজাবাৰী চাৰিআলিত অংকুৰণ শাখা সাহিত্য সভা, ৰজাবাৰী নাট্যগােষ্ঠী, ৰজাবাৰী ব্যৱসায় সন্থা আৰু সমূহ ৰজাবাৰী বাসী ৰাইজে সন্ত্রাসবাদীৰ আক্ৰমনত যােৱা ১৪ ফ্রেব্রুৱাৰী ২০১৯ তাৰিখে পুৱালামাত শ্বহীদ হােৱা বীৰ শ্বহীদ সকললৈ বন্তি প্রজ্বলনেৰে এক শ্রদ্ধাঞ্জলী জ্ঞাপন কৰে।
এই শ্রদ্ধাঞ্জলী অনুষ্ঠানতে ৰাইজে সন্ত্রাসবাদ নিপাতৰ এক সংকল্পও গ্রহণ কৰে। এই অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে অংকুৰণ শাখা সাহিত্য সভাৰ সভাপতি মুহিৰাম লইং, ৰজাবাৰী নাট্যগােষ্ঠীৰ সভাপতি সম্পাদক ক্রমে অজিত হাজৰিকা, হেমন্ত দাস, ব্যৱসায় সন্থাৰ হৈ অপূর্ব বৰঠাকুৰ আৰু ৰজাবাৰীৰ বহু বিশিষ্ট ব্যক্তি তথা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰভাৰী ভাস্কৰজ্যোতি দাসে।
ৰাইজৰ মাজত ভাৰতীয় সেনাৰ বলিদান সম্পর্কে আজিৰ সভাই বহুল ভাবে ব্যাখ্যা কৰে। এই অনুষ্ঠানতে ভাৰতীয় সেনাক প্রশংসা কৰাৰ লগতে সন্ত্রাস বাদীক তুমুল গৰিহণা দিয়ে।













