
পুনৰ অন্ধবিশ্বাসৰ চিকাৰ হ’ল এক দম্পত্তি৷ ডাইনীৰ সন্দেহত ঘৰৰ পৰা মাতি আনি হত্যা কৰিলে এক দম্পতীক৷ প্ৰাপ্ত তথ্য মতে নিহত দম্পতীৰ নাম আছিল গাৰদি বিৰোৱা (Gardi Birua, বয়স ৪৩) আৰু মিৰা বিৰোৱা (Mira Birua, বয়স ৩৩)৷

দুয়োকে নৃশংসভাৱে চুকা অস্ত্ৰৰে আঘাত কৰাৰ লগতে ঘৰত অগ্নি সংযোগ কৰি জীৱন্তে জ্বলাই হত্যা কৰে৷ এই ঘটনাটো হাওৰাঘাটৰ ১নং বেলোগুৰি মুণ্ডা গাঁৱত সংঘটিত হৈছে৷
উল্লেখ্য যে ৰাজ্যখনৰ বিভিন্ন জনজাতি প্ৰধান এলেকাত বৰ্দ্ধিত ডাইনী অন্ধবিশ্বাসজনিত অপৰাধ ৰোধ কৰিব লৈ উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিছিল কঠোৰ নিৰ্দেশনা। ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ডাইনী বুলি অত্যাচাৰ কৰিলে সেই লোকে সন্মুখীন হ’ব কঠোৰ শাস্তিৰ। কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰি পুনৰ কাৰ্বি আংলঙত ডাইনীৰ অন্ধবিশ্বাসৰ বশবৰ্তী হৈ দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰিলে এক দম্পত্তিক।
পৰিয়ালটোৰ ঘৰত অগ্নি সংযোগ কৰি জীৱন্তে জ্বলাই দিলে দম্পতীক। ইতিমধ্যে অতিৰিক্ত জিলা আয়ুক্ত আৰু আৰু আৰক্ষী প্ৰশাসন উপস্থিত হৈছে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ আৰক্ষীয়ে দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ তীব্ৰ অভিযান অব্যাহত ৰাখিছে৷













