
মণিপুৰৰ এগৰাকী যুৱতীৰ প্ৰেমৰ সম্পৰ্ক আছিল এজন কোৰিয়ান পুৰুষৰ সৈতে। আগতে দুয়ো একেলগে আছিল। কাজিয়াৰ মাজতে যুৱতীগৰাকীয়ে প্ৰেমিকক হত্যা কৰে। দেওবাৰে গ্ৰেটাৰ নয়ডাত সংঘটিত হয় এই ঘটনা। অভিযুক্ত যুৱতীগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, মৃত যুৱকজনৰ নাম ডাক হী য়ুহ। দক্ষিণ কোৰিয়াৰ নাগৰিক যুৱকজন গ্ৰেটাৰ নয়ডাৰ এটা মোবাইল কোম্পানীৰ মেনেজাৰ আছিল। তেওঁৰ সহবাসী লুঞ্জিয়ানা পামাইৰ সৈতে বহুমহলীয়া এপাৰ্টমেণ্টত বাস কৰিছিল। দেওবাৰে দুয়োৰে মাজত কিবা কথাক লৈ তীব্ৰ কাজিয়া হয়।
অভিযোগ অনুসৰি, এই কাজিয়াৰ সময়তে লুঞ্জিয়ানাই নিজৰ প্ৰেমিকক দাৰে আঘাত কৰিবলৈ আৰম্ভ কৰে। যুৱকজনৰশৰীৰ ৰক্তাক্ত হৈ পৰাত পিছত সম্বিত ঘূৰি অহাৰ লগে লগে লুঞ্জিয়ানাই নিজেই প্ৰেমিকক চিকিৎসালয়লৈ লৈ যায়। কিন্তু শেষ ৰক্ষা নহ’ল। চিকিৎসালয়লৈ নিয়াৰ পূৰ্বেই মৃত্যু হয় যুৱকজনৰ।
এই খবৰ পাই আৰক্ষী চিকিৎসালয়ত উপস্থিত হৈ যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত লয়। আৰক্ষীৰ সূত্ৰ অনুসৰি, ধৃত যুৱতীগৰাকীয়ে জেৰাৰ সময়ত তদন্তকাৰীক জনোৱা মতে, ডাক হীয়ে প্ৰায়ে মদ্যপান কৰি তেওঁক প্ৰহাৰ কৰিছিল।
দেওবাৰেও মদ্যপান কৰি আছিল যুৱকজনে। সেইবাবেই দুয়োৰে মাজত কাজিয়া আৰম্ভ হয়। এটা সময়ত যুৱতীগৰাকীয়ে প্ৰেমিকৰ বুকুত ছুৰীৰে আঘাত কৰে। ইয়াৰ পিছত তেওঁ নিজেই তেওঁক হাস্পতাললৈ লৈ যায়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। মৃত্যুৰ সঠিক কাৰণ জানিবলৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।












