
ডিফু, ৫ জানুৱাৰীঃ ডিফু-দলদলি (Diphu-Daldali) ৰে’লপথৰ মাজত আজি এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ (Death body Recovered) কৰা হয়৷ ৰে’ল আৰক্ষীয়ে জানিবলৈ দিয়া মতে আজি পুৱা ৬.১৫ বজাত মৃতদেহ থকাৰ কথা জানিব পাৰে৷ এগৰাকী প্ৰায় ৩০ বছৰীয়া পুৰুষৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

ৰে’লৰ খুন্দাত যুৱকজনৰ মৃত্যু হোৱা বুলি আশংকা প্ৰকাশ কৰি অৱশ্যে কোনখন ৰে’লৰ খুন্দাত মৃত্যু হ’ল সেইটো এতিয়াও নিশ্চিত হোৱা নাই বুলি মন্তব্য কৰে৷ মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰি ৭২ ঘণ্টাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত ৰখা হ’ব বুলি ৰে’ল আৰক্ষীয়ে জানিবলৈ দিয়ে৷










