
নতুন বছৰৰ আৰম্ভণিতে মণিপুৰত পুনৰ অশান্তি (Unrest again in Manipur)ৰ সৃষ্টি হৈছে। ৰাজ্যখনৰ বিষ্ণুপুৰ জিলাৰ চৈতন-নগানুকান অঞ্চলত সোমবাৰে পুৱাৰে পৰা ধাৰাবাহিক বিস্ফোৰণ (Serial explosion)ত কেইবাজনো লোক আহত হৈছে। এই ঘটনাৰ প্ৰতিবাদত মেইটেই আৰু একাংশ জনজাতীয় সংগঠনে ২৪ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, সোমবাৰে পুৱা প্ৰায় ৫.৪০ বজাত প্ৰথমটো আই ই ডি বিস্ফোৰণ শৈতান-নগানুকানত সংঘটিত হয়। এটি পৰিত্যক্ত ঘৰত ৰখা বিস্ফোৰকসমূহৰ বিস্ফোৰণৰ প্ৰভাৱত এগৰাকী মহিলাসহ দুজন লোক গুৰুতৰভাৱে আহত হয়। এই ঘটনাৰ বাবে অঞ্চলটোত আতংক বিয়পি পৰে। ইয়াৰ পিছত পুৱা ৫.৫৫ বজাত ওচৰৰ এটা পথত দ্বিতীয়টো বিস্ফোৰণ সংঘটিত হয়। আৰক্ষীৰ টহলৰ মাজতে পুৱা প্ৰায় ৮.৩০ বজাত এটা ঘৰৰ সন্মুখত তৃতীয়টো বিস্ফোৰণ সংঘটিত হয়। এই ঘটনাত আহত হয় এজন লোক।

‘আদিবাসী পিপ’লছ অৰ্গেনাইজেচন মণিপুৰ’ (আই পি অ’ এম), ‘অল মণিপুৰ ষ্টুডেণ্টছ ইউনিয়ন’ (এ এম এছ ইউ), ‘য়েহলোমী কানবা লুপ’কে ধৰি কেইবাটাও নাগৰিক গোট আৰু ছাত্ৰ সংগঠনে এই ঘটনাৰ প্ৰতিবাদত ২৪ ঘণ্টীয়া মণিপুৰ বন্ধৰ আহ্বান জনাইছে। উল্লেখ্য যে ২০২৩ চনৰ মে’ মাহত মণিপুৰত মেইটেইৰ ‘অনুসূচিত জনজাতি’ৰ মৰ্যাদাক লৈ মতানৈক্যৰ বাবেই মেইটেই-কুকি সংঘাতৰ সূচনা হয়। ইয়াৰ ফলত সমগ্ৰ ৰাজ্যখনতে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। মণিপুৰ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক মেইটেই অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ কথা বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল।
তাৰ পিছতে জনজাতীয় সংগঠনসমূহে ইয়াৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই আহে। মণিপুৰৰ মূল বাসিন্দা হিন্দু মেইটেই জনগোষ্ঠী আৰু কুকি আৰু জোকে ধৰি কেইবাটাও অনুসূচিত জনজাতি জনগোষ্ঠীৰ (যিসকলৰ অধিকাংশই খ্ৰীষ্টান) মাজত সংঘৰ্ষত এতিয়ালৈকে উত্তৰ-পূবৰ ৰাজ্যখনত প্ৰায় ২০০ জন লোকৰ প্ৰাণহানি হৈছে। আনহাতে, গৃহহাৰা হোৱা লোকৰ সংখ্যা প্ৰায় ৬০ হাজাৰ। যদিও পিছত উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ প্ৰত্যাহাৰ কৰে, তথাপিও মণিপুৰত শান্তি ঘূৰি অহা নাই।













